শ্ৰীকৃষ্ণ। ৩২ (খ) যশোদাৰ কেঁচুৱা তিনিমহীয়া-হাত-পাৰ নচুৱাই মিটিকিয়াব পৰাটি। সেই বয়সত প্ৰচলিত সংস্কাৰ অনুসৰি জন্ম- নক্ষত্ৰযোগত কেঁচুৱাৰ কুশলাৰ্থে মাক যশোদাই এদিন গোপিনী-সবাহ পাতিলে। সবাহৰ কাম-বনত যশেদাৰ আজৰি নাই। মনৰ উলাহত তেওঁ সদৌবন নিজে কৰি ফুৰিছিল। এনে অৱস্থাত কেঁচুৱাক এখন খাটলাত শুৱাই লৈ, সবাহৰ সমলেৰে ভৰা এখন গাড়ীৰ তলত খাটলাখন আৰি থৈ, ক্ষন্তেকৰ নিমিত্তে তেওঁ ভিতৰ সোমাল। ইফালে অলপ পাচতে কেঁচুৱাই সাৰ পাই কান্দিবলৈ ধৰিলে। কিন্তু, সিফালে হাতে-কামে লগা হৈ যশোদাই লৰাৰ কান্দোন শুনিও সতকাই ওলাই আহিব নোৱাৰিলে। কান্দি কান্দি প্ৰতিকাৰ নাপাই, পাচলৈ লৰাই হাত-পাৱ নচুৱাই কিৰিলিয়াবলৈ ধৰিলে। কিৰিলি শুনি ভিতৰত যশোদা এফেৰি নিশ্চিন্ত হল। এনেতে, ইফালে লৰাৰ হাত-পাৱৰ আছাৰণিত ঠেলা খাই গাড়ীখন অকস্মাৎ হকি পৰিল; ওপৰত ভৰা দি থোৱা গাখীৰ, গুৰ, বিউ, মাখন, দৈ, চিৰা, আখৈ আদি সবাহৰ সমলেৰে ভৰা মল, চৰু, টেকেলিবোৰে খাটলায় সৈতে পৰিল। পুতনাব সেই আৰ্কা শুনি ওচৰ-কাষৰীয়া গোপ-গোপিনীগণ চাপি নন্দৰ ঘৰ ভৰি পৰিল হি। সকলোৱে কাষ চাপি গৈ দেখে যে, যশোদাৰ কেঁচুৱাক আঁকোৱালি ধৰি পুতনা মবি আছে।—শ্ৰীমদ্ভাগত, দশম স্কন্ধ, ৬ষ্ঠ অধ্যা, ১–১২ শ্লোক। অন্যান্য পুবাশত পুতনাক কংস-প্ৰেৰিত এজনী বাক্ষসী বোলা হৈছে। “হবিবংশত” পুতনাক কংস-নিয়োজিত ডাইনী বোলা হৈছে। বিষ্ণুপুৰাণত পুতনাক এজনী শিশুহকী পিশাচী বুলিছে। কিন্তু, হিন্দু ‘সুশ্ৰুত’ নামে আযুৰ্বেদিক গ্ৰন্থ। উত্তৰাতন্ত্ৰৰ ২৭ আৰু ৩৭ আধ্যাত ‘পুতনা এবিধ শিশুহত্তক ব্যাধি বুলিহে বৰ্ণিত হৈছে। আজিকালি সেই ব্যাধিক সাধাৰণতে ‘দুমোব বলা যায়।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৫৯
অৱয়ব