পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেঁচুৱা কৃষ্ণ। কৰিলে (১)। পিচদিনা পুৱাৰপৰা ব্ৰজৰ অপূৰ্ব পৰিবৰ্ত্তন ঘটিল; ব্ৰজবাসীয়ে বাহিৰত অভাবনীয় বিমোহন দৃশ্য দেখিবলৈ পালে, আৰু অন্তৰত অনিৰ্বচনীয় সুখ অনুভৱ কৰিবলৈ ধৰিলে। মথুৰাত ওপজা কানু গোকুলত ভানু উদয় হলগৈ। দৈৱকীৰ গৰ্ভত ঠাই লোৱা কানাই যশোদাৰ কোলাত কেঁচুৱা উঠিলগৈ। মথুৰা- বাসীৰ উদ্ধাৰৰ অৰ্থে জন্ম লোৱা যাদৱ মুৰাৰি ব্ৰজবাসী কংসাৰি হলগৈ। লগে লগে যমুনাৰৰ যেন কুল সলনি হল, ইকুলৰ স্বাভাবিক জেউতিয়ে সিকুললৈ পাৰ হৈ গোলোকৰ আৰ্হিৰে গোকুলৰ ৰূপ-গৌৰৱ চৰালেগৈ। সদৌ গোকুল জুৰি যেন গোলোকৰ পোৰ বিয়পি পৰিল, গোপৰাজ্য অপূৰ্ব স্বৰ্গীয় প্ৰভাৰে জিলিকি উঠিল। পূৱা নিৰ ভাঙ্গি ব্ৰজৰ চাপৰিত নীৰলে চৰি থকা গৰু-গাইৰ গাত কিবা উলাহৰ কৃ লাগিল,—দমৰা-দামুৰি সমন্বিতে আটাইটিয়ে কিবা উদ্দেশে হেঁপাহৰ হেম্বেলনি মাৰি নেগুৰ-নিচান তুলি ঢাপলি ধৰিলে। গোকুলৰ গোপ আৰু ব্ৰজৰ গোপিনীসৱৰ অন্তৰত কিবা অভাবনীয় মঙ্গল • চনা হল- ঘৰে ঘৰে ঘৰোৱাহীকৈ গভীৰ হৰিষ ভাবত উলীকৃত হৈ আটাইটি আপোন-পাহৰা হল।-এনে অচিন্তনীয় দৃশ্য অনুভৱ আৰু অনিচনীয় মুখবোধৰ অনাদিকাৰণ কোন্? ইয়াৰ উত্তৰ দিলে দিব পাৰে গোকুলত সেই ক্ষণত মাথোন এটি প্ৰাণীয়ে,-তেওঁ আন নহয়, সেই অসাধাৰণ ত্যাগীপুৰুষ ব্ৰজেশ্বৰ শ্ৰীন গোপ। কি জানো কিয়, গোকুলৰ গোপ-গোপিনীয়ে নখশোদাক সাক্ষাৎ কৰাৰ লেখ দিনদিনে চৰিবলৈ ধৰিলে। যেয়ে যি উদ্দেশে যলৈকে যাওক লাগে, সেয়ে যাওঁতে-আহোঁতে নষশোদাৰ (১) সানাট যে প্ৰকৃততে যশোদাৰ গাজাত পুত্ৰ নহয়, তাৰ সতে নলবাজত বাজে কান কেজেলা নাছিল; এই বিৰে ওপৰত উকিয়াই অহা হৈছে।