শ্ৰীকৃষ্ণ। তত এভুমুকি মাৰিলে তেওঁৰ গা নয়। পানীঘাটলৈ যোৱা গোপিনীয়ে কাষৰ কলহ বাটতে থৈ আহি যশোদাৰ কোলাৰ কেঁচুৱাটি চাই চাই ভোল যায়হি। গোকুলৰ গোপিনীবৃন্দে জুমে-জুনে উলাহ হাঁহি-মাতি ফুৰি চাকি আহি যশোদাৰ বুকৰ কেঁচুৱাৰ আগত চেও থৈ যায়। গৰখীয়াই গৰু উলিয়াই নিওঁতে বাটতে নন্দৰ চৰাত এটা ভুমুকি মাৰি যশোদাৰ কেঁচুৱাটি চাই ৰং পাই যায়। খৰিকটীয়াই বাটতে খৰিভাৰ পেলাই নৰ ঘৰ সোমাই কেঁচুৱাটি চাই ভাগৰ পলুৱাই যায়। নন্দ-যশোদাৰ কেঁচুৱা পোনাটি চাবলৈ ব্ৰজবাসীৰ ইমান হেঁপাহ, ইমান ধাউতি! কিন্তু কিয়, কেৰে ফুটাই কব নোৱাৰে! কেঁচুৱাৰেই কিবা অদৃশ্য আকৰ্ষণ নে ব্ৰজবাসী নৰ-নাৰীৰ অট আবেগেই তাৰ কাৰণ, তাৰ গূঢ়াৰ্থ কেৱে নাপায়,—সবাৱৰে ধাউতি মাথোন কেঁচুৱাটিক জীৱন্ত প্ৰতিমাৰূপে চাই অতৃপ্ত তৃপ্তি ভিবলৈ; ব্ৰজবাসী আহে, আৰু কেঁচুৱাটি চাই পুলকিত হৈ গুচি যায়, —ইমানেই হে। নদ-যশোদাৰ কেঁচুৱাই জেউতি চৰোৱাৰ আগৰেপৰা গোপ- উপনিবেশ গোকুল এখনি মনোম থান। ই যমুনাৰ মূলৰপৰা যমুনা- মুখলৈকে বিস্তৃত। এই উপনিবেশ ছোৱা-ছোৱাকৈ ব্ৰজ, গোকুল আৰু বৃন্দাবন নামে খ্যাত। বৃন্দাবনৰ পছিম প্ৰান্তত গোৱৰ্জন গিৰি সেউজীয়া কলচীয়া শিৰ তুলি, গোপৰাজ্য ওপচাই কুশল-দৃষ্টি বিস্তাৰি, থিয় দি ৰৈছে। গোকুলৰ ভিতৰুৱা নিৰ্ম্মলতায় ভাবুকৰ মন-প্ৰাণ আকুল কৰে। ব্ৰজৰ স্বাভাৱিক গাম্ভীৰ্যই বিশ্ব-চোতা বিধাতাৰ প্ৰতি স্বভাৱতে সঞ্চাৰ হোৱা ভক্তিৰসেৰে হৃদয় ওপচাই দিয়ে। বৃন্দাবনৰ প্ৰাকৃতিক সৌন্দৰ্য্যে সংসাৰৰ অশেষ অপায়-অমঙ্গল আঁতৰাই প্ৰাণত শান্তি দিয়ে। চমুকৈ কবলৈ গলে, এই গোপৰাজ্যক পৃথিবীৰ
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৫৭
অৱয়ব