সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪। আধ্যা। কেঁচুৱা কৃষ্ণ। সেই দিন কৃষ্ণাষ্টমীৰ মাজনিশা বসুদেৱে ওপজা-কৃষ্ণক যমুনা পাৰ কৰি নি (১) গোকুলত প্ৰস্তী যশোদাৰ বুকত থৈ নন্দৰাজক গতাই দি আহিল গৈ। তাৰ পাচত, শেহনিশাৰ ভিতৰত নন্দযশোদাই জন্ম- ক্ৰিয়া সমাপন কৰি, শাস্ত্ৰানুসাৰে সন্তানটি নিজ পুত্ৰ বুলি গ্ৰহণ (১) শ্ৰীমদ্ভাগতে প্ৰমুখ্যে কেইখনমান পুণ। টীকাকাৰ বৈষ্ণৰ পণ্ডিতবৰ্গ মতে, যমুনা পাৰ হওঁতে, ওপজা-কৃষ্ণ পিতা বসুদেব বুকৰপৰা অকস্মাৎ পিছলি পানীত পবেতেই বসুদেবে ততালিকে ঠাপ মাৰি তুলি কৃষ্ণক আকৌ বুকত সাবটি লৈ পাৰ হৈ গল বোলা যায় হয়, কিন্তু দৈকেীব গজাত সেই কৃষ্ণসন্তান সেই পানীত পৰা ভগেই ৰৈ গম, যমুনাৰ গৰপৰা সেই ছেগতে স্বয়ং গোলোকৰ শ্ৰীকৃষ্ণ বসু- দেবব কেঁাছলৈ উঠি গোকুললৈ গল। তাৰ পাচতো চৈধা বছ। দৈৱকীনন্দন কৃষ্ণই যমুনাগত স্থিতি কৰে। পিচে, অবে যেতিয়া বাম-কৃষ্ণক বৃন্দাবনৰপৰা মথুৰালৈ লৈ আহেগৈ, তেতিয়া অবে মান-সন্ধ্যাদি কবি থাকোতেই গোলোকব শ্ৰীকৃষ্ণ যমুনাব সিপাধবপবাই গোকুললৈ উলটি যায়, যমুনাগৰপৰা মায়াপ্ৰপঞ্চ ভৈদি উঠি দৈৱকী- নন্দন কৃষ্ণ হে অকুবৰ ৰথত চৰি মথুৰালৈ প্ৰতাগমন কৰে। এতেকে, সিবিলাকৰ মতে কৃষ্ণ একেজন নহয়, দুজন;-মথুৰাৰ কৃষ্ণ আৰু বৃন্দাবনৰ কৃষ্ণ। শ্ৰীকৃষ্ণৰ মাহাত্ম্য চৰাবৰ হেঁপাহত গোড়া বৈষ্ণৱ পণ্ডিতবৰ্গে এই অলৌকিকতাব অতোৰণা কৰি কৃষ্ণচবিত্ৰৰ ঐতিহাসিক হানি কৰিছে মাথোন।