পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ। ভোজফৈদীয় যাদৱী কুৱঁৰী দৈৱকী দেৰী কৃষ্ণৰ গৰ্ভধাৰিণী মাতৃ। কৃষ্ণ দৈৱকীৰ অষ্টম গজাত পুত্ৰসন্তান। কৃষ্ণৰ জন্মক্ষণ এটা অতি ভীষণ ৰাতিৰ গৰ্ভত। সন্ধ্যাৰ পাচৰ পৰা সেই দিনা বতৰে বোৰ ৰূপ ধৰিলে; বতাহ, ধুমুহা, গাজনি, ঢেৰে- কনি, বিজুলীৰ চমকনিৰে সৈতে সেই বতৰ ক্ৰমাৎ ঘৰতৰ হৈ আহিল। তাৰ উপৰিও, মাজনিশা নেৰানেপেৰাকৈ ধাৰাৰে বৰষুণ, মাজে মাজে শিলাবৃষ্টি, বজ্ৰপাত ইত্যাদি উৎপাত চটিয়াই বতৰে প্ৰলয় কালৰ ভীষণ মূৰ্তি ধাৰণ কৰিলে। নগৰৰ জন-প্ৰাণী কোনো কোনো ভয়ত আলেজেণ্ডাৰ সমসাময়িক বজা; ৩২৫ খ্ৰীষ্টপূৰ্বাব্দত আলেকজেণ্ডৰে ভাৰতবৰ্ষ আক্ৰমণ কৰেহি। তাৰ দহবছৰ আগতে মাখোন, খ্ৰঃ পূ, ৩১৫ চনত. চন্দ্ৰগুপ্ত বজা হয়। এতেকে, ১১১৫+৩১৫=১৪৩০ খ্ৰীষ্টপূৰ্বাব্দত যুধিষ্ঠিৰ স্থিতি; অৰ্থাৎ সেয়ে মহাভাৰতৰ কুৰুক্ষেত্ৰ মহাৰণৰ কাল। তাৰ লগতে শ্ৰীকৃষ্ণৰ সেই কালৰ বয়স ৭০ ব যোগ দিলে ১৪৩০+৭০=১৫০০ খ্ৰীষ্টপূৰ্বাব্দত, অৰ্থাৎ ১৯২৯ খ্ৰীষ্টাব্দৰপৰা ১৫০০+১৯২৯=৩৪২৯ বছৰৰ আগেয়ে শ্ৰীকৃষ্ণ জন্ম বুলি ঠাৱদেৱা যায়। (গ) বায়ুপূণব বাখ্যা মতে, ১৪৩০ খ্ৰীষ্টপূৰ্বাব্দৰ ঠাইত ১৪৬৫ পোৱা যায়। ই বৰ বেচি অমিল নহয়; মাথোন ৩৫ বছৰৰ ব্যবধান। সেই মতে, মহাভাৰতৰ বুদ্ধৰ সময়ত প্ৰীকৃষ্ণৰ বয়স ৩৫ বছৰ মাখোন। ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ, স্কন্ধপুৰাণ, বামনপুণ, কুৰ্মপুৰাণ আৰু ব্ৰহ্মবৈবৰ্ত পুবাণ এই বিষয়ত বিষ্ণুপুৰাণৰ হে ওচৰ চাপে। (ঘ) কাশ্মীৰৰ বুৰঞ্জী “বাজতাঙ্গিনী”ৰ মতে, কলিযুগৰ ৬৫৩ বছৰত গোন নামে এজন বজাই কাশ্মীৰৰ বাজপাট ৩৫ বছৰ ভোগ কবে, আৰু তেওঁ যুধিষ্ঠিৰৰ সমসাময়িক বজা। তেনেহলে, যুধিষ্ঠিৰৰ স্থিতি ২২৭৯ খ্ৰীষ্টপূৰ্বাব্দত ৰয়গৈ। এতেকে, সেই অনুসৰি, ২২৭৯+৭০+১৯২৯=৪২৭৮ বছৰৰ আগেয়ে কৃষ্ণ জন্ম বুলি ধৰা যায়।