ওপজা-কৃষ্ণ। পাটীতে চেপেটা লাগিল, কোনো কোনো সংজ্ঞা হৈ পৰিল, কোন আতঙ্কত অৱশ হৈ পৰি থাকোতে সেই ভাগেই টোপনি গল। বাহিৰত দুৱৰী, প্ৰহৰী, চোৰাংচোৱা আদি আটাইবিলাক যেয়ে যতে আছিল সেয়ে ততে ছেগ বুজি শুই নিপালি দিলে। এনে ছেগত, এনে নিজম- নিটাল ক্ষণত, ক্ষণজন্মা পৰম সুলক্ষণীয় পুত্ৰসন্তান কৃষ্ণ কংসৰাজৰ বন্দীশালত দৈৱকী দেবীৰ গৰ্ত্তৰপৰা ভূমিষ্ঠ হয়। ভূমিষ্ঠ হোৱা মাত্ৰে সেই ওপজা-পুত্ৰটি সযতনে কাপোৰেৰে ঢাকি বুকত সাবটি লৈ, পিতৃ বসুদেৱ হাতৰ সাৰে, ভৰিৰ সাৰে,অতি সংগোপনে বন্দীশালৰপৰা বাজ হল। তাৰ পাচত, নিৰ্ধাৰিত গুপুত দিহা অনুসৰি, নাগ-বীৰ (১) বাসুকীৰ তত্ত্বাৱধানত, তেওঁ বেগাবেগিকৈ যমুনা পাৰ হৈ গৈ গোকুলত গোপৰাজ নৰক সন্তানটি গতাই দিলেগৈ। আচৰিত এই যে, সেই ৰাতিয়েই, সেই ক্ষণতে নন-ৰাণী যশোদায়ো এটি কন্যা-সন্তান প্ৰসব কৰে (২), আৰু ওপজা-সন্তানৰ মুখ নৌ দেখোতেই তেওঁ প্ৰতাবেদনাত (১) প্ৰথম অধ্যাৰ চতুৰ্থ ছেদত উনুকিয়াই অহা বনমানুহ নাগজাতি বিষয়ক সঙ্কেত চোৱ॥ (২) এওঁ কৃষ্ণব আজন্ম অৰ্ধাঙ্গিনী যোগমায়া। এও শ্ৰীপে কৃষ্ণৰ লগত সততে যোগ অছিল। পৃথিবীত জন্ম লওঁতেও দুয়ো দুঠাইত একেক্ষণতে জমি সলনি হৈ যায় বুলি ওপৰব টীকাত কোৱা হৈছে। মথুৰাত জন্ম হোল কৃষ্ণ গোকুললৈ যায়, আৰু গোকুলত জন্ম হোৱা যোগমায়া মথুৰালৈ আহে। তাৰ পাচত, মথুৰাবাসীৰ যত্ন কৌশলত কংসৰ কৰাল হাতৰপৰা ৰক্ষিত আৰু গোকুলত গোপনে পালিত হৈ, ১২-১৪ বছৰীয়া বয়সত, বৃন্দাবনত বসেখী যোগমায়াই কৃষ্ণ-অধিকাপে যোগ হোত, “ৰাধাকৃষ্ণ” যুগল মূৰ্ত্তিৰ অৱতাৰণা হয়। এয়ে “বা” আৰু “বাধিকা” নামৰ অতিৰি। মগতে, ১০ম স্কন্ধ, ২৯ জখ্যা, ১ম শ্লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৫০
অৱয়ব