পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩। আধ্যা। ওপজা-কৃষ্ণ। ১৯২৯ খ্ৰীষ্টাব্দৰপৰা ৩৪২৯ বছৰৰ আগেয়ে, ভাৰতবৰ্ষৰ আৰ্যাবৰ্ত্তত,, পুণ্যভূমি মথুৰা নগৰীত, ভাদমহীয়া কৃষ্ণাষ্টমীত, বুধবাৰে মাজনিশ কংস ৰজাৰ বন্দীশালত শ্ৰীকৃষ্ণই (১) পৃথিবীত জন্মগ্ৰহণ কৰে (২)। বৃষ্ণিফৈদীয় যাদৱ কোৱৰ বসুদেৱ কৃষ্ণৰ জন্মদাতা পিতৃ; আৰু (১) “কৃষ্ণ” বোলোতেই সেই একে শুভক্ষণত গোকুলত গোপিনী। যশোদাৰ গৰ্ভজাত কন্যা-সন্তান যোগমায়া ভূমিষ্ঠ হো,ও বোলা গৈছে। নহলে, এই যোগ বিহনে “শ্ৰীহীন অকল “কৃষ্ণ” বোলা হলহেঁতেন। (২) (ক) বিষ্ণুপুৰাণৰ ৫ম, খণ্ড। ২৪ অধ্যা ৩২, ৩৩, ৩৪ শ্লোক ব্যাখা মতে যুধিষ্ঠিৰৰ স্থিতি ১৪৩০ খ্ৰীষ্টপূৰ্বাব্দত; সেয়ে মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধ। কাল। তেতিয়া শ্ৰীকৃষ্ণৰ বয়স ৭০ বছৰ। এতেকে, ১৫০০ খ্ৰীঃ পূঃ চনত শ্ৰীকৃষ্ণৰ জন্ম; অৰ্থাৎ, ১৯২৯ খ্ৰীষ্টাব্দৰপৰা ১৫০০+১৯২৯=৩৪২৯ বছৰৰ আগেয়ে শ্ৰীকৃষ্ণই পৃথিবীত জন্মগ্ৰহণ কৰে। (খ) শ্ৰীমদ্ভাগত মহাপুৰাণৰ ১২শ স্কন্ধৰ ২য় অধ্যা ৩২শ শ্লোক ব্যাখ্যানুসাৰে নন্দ মহাপদ্মপণ যুধিষ্ঠিৰ ১০০০ এহেজাৰ বছৰৰ অন্তত ৰয়হি। আন হাতে, বিষ্ণুপুৰাণৰ ৪ৰ্থ খণ্ড ২৪শ আধ্যাত কোৱা হৈছে,-“মহাপদ্মঃ তৎপু একবৰ্ষ শতমবনীপতয়ে ভবিষ্যন্তি। নবৈব তান নক্ষন কৌটিল্যো ব্ৰাহ্মণঃ (চাণক্য পণ্ডিত) সমুদ্ধৰিষ্যতি। তেমভাবে মোৰ্যাক পৃথিবীং তোক্ষ্যন্তি হভিষেক্ষতি।” এই মতে যুধিষ্ঠিৰৰপৰা চন্দ্ৰগুপ্ত ১১১৫ বছৰৰ অন্তৰত ৰয়হি। অনি হতে, চন্দ্ৰগুপ্ত