পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ কংস বনা। ততালিকে এই বুলি অঙ্গীকাৰ কৰিলে যে, তেওঁ দৈৱকীৰ গৰ্ত্তজাত প্ৰত্যেকটি সন্তান প্ৰসব হোৱা মাত্ৰকে কংসক অৰ্পণ কৰিব; এতেকে তেওঁ অভিশাপ গিৰ্জনিৰ ফলাফললৈ আশঙ্কা কৰাৰ সকাম নাই। দৈৱকী দেবীয়েও প্ৰাণৰ মমতাত আৰ্তৰাৰ কাঢ়ি মৰমৰ ককায়েকৰ ওচৰত প্ৰাণভিক্ষা কৰিলে; উপস্থিত শোভাযাত্ৰী আৰু দৰ্শকবৃন্দেও সম্মিলিত কণ্ঠেৰে বৰ-কন্যাৰ হৈ কংসত ক্ষমাপ্ৰাৰ্থনা জনালে। পিছে, সিমানতে এফেৰিমান শান্ত হৈ কংস সেই ক্ষন্তেকৰ কাৰণে ক্ষান্ত হল। সেই দিনাৰ নিমিত্তে সিমানতে নিশ্চিন্ত হল যদিও, সেই ৰাতিৰপৰা প্ৰাণৰ আশঙ্কাত কংসৰ মন আকৌ অস্থিৰ হবলৈ ধৰিলে। সেই প্ৰাণান্তক অদ্ভুত গিৰ্জনি তেওঁ উঁকি-উঁকি দিঠকতে শুনে, আৰু থাকি। থাকি ভয়ত বিহ্বল হৈ উন্মাদৰ দৰে জঁপিয়াই উঠে। পাচলৈ এনে হবলৈ ধৰিলে যে, দৈৱকী আৰু বসুদেৱৰ নাম শুনিলেই কংসৰ প্ৰাণত উচাটন লাগি উঠে। সেই দিন সেই গিৰ্জনিত দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তানৰ হাতত হে কংসৰ ধ্বংস হোৱাৰ নিৰ্দেশ পোৱা গৈছিল; কিন্তু কেঁচুতে সাপ দেখাৰ দৰে, পাচলৈ বসুদেৱৰ সন্তান বুলিলেই তাৰ প্ৰতি কংসই সন্দেহৰ চকুৰে চোৱা হল। ফলিতাৰ্থত এই হলগৈ যে, বসুদেৱৰ আন কেইগৰাকী ভাৰ্যাৰপৰা লাভ হোৱা সন্তানবিলাককে কংসই বিধ-বিধকৈ সামান্য অপৰাধৰ লেচু লগাই বধ কৰি নিষ্কণ্টক হবলৈ ফল পাতিলে। সেই হেতুকে বসুদেৱে তেওঁৰ বৰভাৰ্য ৰোহিণী দেবী সগৰ্ত্তা অৱস্থাত মথুৰাৰপৰা আঁতৰাই নি ব্ৰজ-ৰাজ নৰ ঘৰত পলুৱাই ৰাখেগৈ। তাতে ৰোহিণী দেবীয়ে এটি সুলক্ষণীয় পুত্ৰ প্ৰসৱ কৰে, তেওঁৰেই পাচত ৰাম বা বলৰাম নামে জনাজাত হয়। তাৰোপৰি, মথুৰাত যিবিলাক যাদৱ কোৱঁৰক,বিশেষকৈ বৃষ্ণি ফৈদৰ বলী আৰু তেজী দেখা গৈছিল সিবিলাককে বধিবৰ অৰ্থে কংসই -