অভাবনীয় আপদীয়া গিৰ্জনি শুনি সকলে স্তম্ভিত হল, শোভাযাত্ৰা অসংখ্যাত দৰ্শকবৃন্দ ঠৰ লাগিল, ৰাজ-আলিৰ ওপৰলৈ উধাই শূন্যমাৰ্গ ছাতি পেলোৱা জনৰৰ মাৰ গৈ নিজম পৰিল, ক্ষন্তেকৰ নিমিত্তে গোটেই জগত তৱধ লাগিল! কংসৰ মনত অকস্মাৎ স্বৰগ ভাগি মূৰত পৰাৰ নিচিনা হল! ক্ষন্তেকমান সুগ-পৰা মানুহৰ সদৃশ, কংস জঠৰ হল। কিন্তু, পিচমুহূৰ্ততে তেওঁৰ স্বৰূপ প্ৰভাৱে তেওঁত পুনঃ থিত দিলে,—আত্ম-নাশৰ আশঙ্কাত উন্মত্ত হৈ কংসই ততালিকে বাঘজৰী এৰি, উলটি ভনীয়েক দৈৱকী-কন্যাৰ চুলিত ধৰি, কণ্ঠ আৰু পিঠি ভিৰাই লৈ, কঁকালত বন্ধা তৰোৱাল ফাকৰপৰা উলিয়াই লৈ একেঘাপে ভবিষ্যত অপায় খণ্ডাই থবলৈ উদ্যত হল। এনেতে, নিৰস্তু বসুদেৱে উপায়ান্তৰ হৈ কংসক কাকুতি কৰি প্ৰতিধ্বনিত হৈছিল, তাক ঠাৱৰাবৰ উপায় নাছিল। সেই কাৰণে, পুণাব- সকলে ভাত ‘আকাশী বাণীৰ ৰহণ সানি তাক দৈববাণীপে অতিৰঞ্জিত কৰিছে বেন বোধ হয়। আৰু কংস অত্যাচাৰত মথুৰাবাসী অস্থিৰ; যাদৱবৰ্গৰ প্ৰাণত শান্তি নাই, তেওঁৰ আত্মপৰিয়ালৰ অন্তৰতত সন্তাপৰ অন্ত নাই। এনে মূলত, সেই দুৰ্দান্ত কংসৰ পতন মথুৰাবাসী মাকেই কামনা কৰাটো নিচেই স্বাভাবিক। গতিকে, ৰাইজৰ সেই বাঞ্ছিত কংসপতন কাল কেতিয়া কিনতে মিলিব তাৰ মঙ্গল- চোৱা আৰু জ্যোতিষ গণনা কৰাটোও অসম্ভৱ নহয়। হিন্দু- শালোনাৰ সেই চূড়ান্ত উন্নতিৰ দিনত কংসপতনৰ কাল নিৰ্ণয় কৰি জ্যোতিষী গণনাৰ ফল লাভ কৰি খোৱাটোও আচৰিত নহয়। সেই গুপ্ত গণনাৰ ফলাফল জনা গৰাকীৰ অন্তৰত সততে জাগি আছিল; সেই দিন সেই বিৰাট লোগাযাত্ৰাৰ দৃশ্যে সেই ফলাফলৰ ভাব ৰ খুৱাই দিয়াত, এভাগ উত্ৰাৱল ৰাইজে কংসপতনৰ পোহনীয়া ভাব হঠাৎ ব্যক্ত কৰি গিনি মাৰি উঠিছিল। এতে আমাৰ ধাৰণা।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৪৩
অৱয়ব