সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Sou নানা ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। আন কি, সেই উদ্দেশ্য সহজে সিদ্ধি কৰিবৰ অভিপ্ৰায়ে কংসই নিজৰ পিতৃ বুঢ়াৰজা উগ্ৰসেনক ৰজা ভাঙ্গি ৰাজহুৰ্গৰ ভিতৰত বন্দী কৰি থৈ নিজে সিংহাসনত বহি ৰজা হল। যুবৰাজৰ ক্ষমতা পাওঁতেই তেওঁক বাধোতা কোনো নাছিল, এতিয়া ৰাজ-ক্ষমতা পোৱা কংসক আৰু পায় কোনে! গতিকে, স্বেচ্ছাচাৰী কংস ৰজাৰ পাশবিক অত্যাচাৰ দিন-দিনে বাঢ়িবলৈ ধৰিলে (১)। মথুৰাবাসী যাদৱসকলৰ বহুতে নিৰুপায় হৈ স্বৰাজ্য এৰি কোশল, বিদেহ, সা, নিষধ, পাঞ্চাল, কুৰু, কেক, বিদৰ্ভ প্ৰভৃতি ৰাজ্যত বাস কৰা আত্মীয়-কুটুম্বাদিৰ আশ্ৰয়ত থিতাপিত হলগৈ (২)। ইফালে, সন্তান সঞ্চাৰ হোৱাৰ সম্ভেদ পালেই দৈৱকী আৰু বসুদেৱক ৰাজ দুৰ্গৰ বন্দীশালত বন্দী কৰি ৰখা হয়; আৰু পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি বসুদেৱে দৈৱকীৰ গৰ্ভজাত সন্তান ভূমিষ্ঠ হোৱা মাত্ৰকে কংসক অৰ্পণ কৰেগৈ, কংসই মহানন্দে সেই সন্তান বধ কৰি নিষ্কণ্টক হয়। (১) এজিক্ষমতা হাতত লৈ কংসই নিজমুখে কেনে অমানুষিক দপ প্ৰকাশ কৰিছিল, হৰিবংশব’ বিষ্ণুপৰ্বৰ ৫৬ অধ্যাতি তাৰ সুবহু বহুল বৰ্ণনা দিয়া আছে। সেই কলিত কংস যে এজন অদ্বিতীয় অত্যাচাৰী বজা আছিল, তেওৰ নিজ মুখৰ অশিষ্ট বচনে তা বিশিষ্ট প্ৰমাণ দিয়ে। তেওঁৰ মুখৰপৰা এনে কথাও বাজ হৈছিল,—“আডি পেনা কি মানুহ, কি পহু, কি পক্ষী, কি কিন্নৰ, যকে মোৰ অবাধ্য দেখিম তাকে মই মসীমুৰ কৰিম। পৃথিবীত মোৰ অখণ্ড ক্ষমতা বুলি সবাৱে জানিব লাগে।” (২) কংস ৰজাই মহাপ্ৰতাপী মগধ-জি জাসিন্ধৰ লগত সম্বন্ধ লগাই লৈ, আৰু প্ৰল, তৃণাবৰ্ত, ব, অঘ, কেশি, ধেনুক, বাণ, অষ্টি, নৰকাসুৰ আদি অসুব বংশী ৰজাসকলৰে সৈতে লগ লাগি মধুবাবাসী যদি সকলৰ ওপৰত অশেষ অসহনীয় আৰু অথনীয় উৎপতি-অত্যাচাব কবিহিল।-প্ৰীমদ্ভাগৱত, দশম স্কন্ধ, দ্বিতীয় অধ্যা, ১৪ গো।