পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। আঁতি-গুৰি। সেই নামেই কালত গোটেই মধুবনৰ নাম মথুৰা (১) হয়। সেই হেতুতে মধুবন আকৌ সূৰ্য্যবংশী ৰজাৰ হাতলৈ পাৰ হৈছিল (২); পিচে, বছৰদিয়েকৰ পাচত, যযাতিৰ নাতি-নাতি সতে ফৈদৰ যাদৱ কোৱৰ ভীনে সেই ৰাজ্য পুনৰায় সূৰ্য্যবংশী ৰজাৰ হাতৰপৰা কাঢ়ি হয়। তেতিয়াৰপৰা ভোজবংশীয় সুৰসেনৰ ৰাজত্বলৈকে মথুৰা একেৰাহে যত্ৰৰ (৩) বংশৰ যাদববৰ্গৰ নিগাজী দখত থাকে। সেই পুৰণি ৰাজ্য মধুবন আজিকোপতি মথুৰা নামেই প্ৰখ্যাত। সেই কাণত গুৰ ৰাজ্য যমুনা নৈৰ দুয়ো পাৰে বিস্তৃত আছি। তাৰ পাচত, অথবা ‘সুৰসেনক’ নামেও জনাজাত হয়। কিননা, সত্ত্বত বৃষ্ণগৰ মানুহতকৈ অধিকতব দীৰ্ঘজীবী আছিল; এতেকে পুৰুষেপতি গড়-মিলকৈ দুশ-আঢ়ৈশ বছৰকৈ গণওে, ষ্ণ আৰু শ্ৰীৰামচন্দ্ৰব আবিৰ্ভাবৰ ব্যৰধান ২০০০ দুহেজামান বছবব ওপবলৈ উধায়। গতিকে, এবিপৰা খ্ৰী: পূ: ২০০০+ ১৫০০ (কৃষ্ণ-জন্ম )+ খ্ৰ: ডঃ ১৯২৯=৫৪২৯ বছৰৰ আগেয়ে শ্ৰীব মচন্দ্ৰই পৃথিবীত বছৰ ভন্ম গ্ৰহন কৰে। আৰু, সেই গণনানুসাবে মহাভাৰততকৈ বামায়ণ যহেজাৰমান আগ বাচে। (১) মথুৰা এতিয়া ভাৰতৰ্ষৰ উত্তৰ-পছিমাঞ্চত যুক্তপ্ৰদেশৰ এখন বৰ ভাঙ্গৰ জিলা, যদ্যপি পূৰ্বব নাম-গোবৰ এতিয়া তাব নাই। (২) সেই আপাহতে মথুৰাৰ যাদৱবৰ্গক সূৰ্য্যবংশী বুলি ধৰি, যদুমণি শ্ৰীকৃষ্ণক চন্দ্ৰ আৰু সুৰ্য দুয়েবংশে দাবী কৰে। (৩) ঋগ্বেদ সংহিতাৰ দশম মণ্ডলত তিনিজন যদুব নাম পোৱা যায় যেনে, (১) ব্যাতিৰ পুত্ৰ যদু; (২) বাকুবংশীয় যদু; (৩) দাসবংশীয় যদু। শ্ৰীকৃষ্ণ এই তিনিজন যদুব কোন নব বংশধৰ তাক ঋগ্বেদ সংহিতাই ডাঠি কব পৰা নাই। তথাপি, সংহিতাব এই সুত্ৰই এনে এটা জটিল প্ৰশ্নক বাট লগাইদিয়ে যে, যাদৱসকল চন্দ্ৰবংশী নে সুৰ্য্যবংশী? কিয়নো, যদু ইক্ষাকুৰ বংশধৰ হলে যাদবেৰ্গ সূৰ্য্যবংশী এক যাতৰ বংশধৰ হলে চন্দ্ৰবংশী বুলি গণ্য হয়।