পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মধুৰ। ফৈদৰ যাদৱ কোৱৰ ভীমে সূৰ্য্যবংশী ৰজাৰ হাতৰপৰা উদ্ধাৰ কৰাৰ পাচত, কংসৰ উৰ্দ্ধপ্ৰপিতামহ ভোজৰ বংশধৰ কোৰৰ সুৰসেনে প্ৰবল প্ৰতাপেৰে মথুৰা ৰাজ্য শাসন কৰিছিল; গতিকে তেওঁৰ নামৰ খ্যাতি অনুসৰি তেওঁৰ দখলী সেই ৰাজ্যও ‘সুৰসেনক’ নামে খ্যাত হয়। মথুৰা যে এখন বৰ বহুল আৰু চহকী ৰাজ্য আছিল এনেও নহয়, কিন্তু ই সেই কালৰ মহা প্ৰতাপী আৰু অভিমানী আৰ্য ৰাজবংশী লোকৰ বসতি থল আছিল। বিশেষকৈ, তেতিয়া ইয়াত মহা গৌৰৱী চন্দ্ৰবংশী যাদৱবৰ্গে বাস কৰিছিল। সিবিলাকৰ ভিতৰত বৃষ্ণি, ভোজ, অন্ধক, সত, মাধৱ, কুকুৰ, দশৰহ এই কেইফৈদ সুপ্ৰখ্যাত আছিল। মথুৰা নগৰী যমুনা নৈৰ পাৰত এটা সুগঠিত দুৰ্গৰ মাজত অৱস্থিত। দুৰ্গৰ বাহিৰে, চকুৰে মনিব পৰালৈকে, গোটেই ৰাজ্যজুৰি চউপাশে ঘনশ্যান আৰু সেউজীয়া ঘাহনিৰে চামনিমৰা অপাৰ চাপৰি; ঠায়ে ঠায়ে একে-একোটা ওখ টঙ্গি, মাজে মাজে দুই-চাইটা টাম্বুঘৰ, অ’ত-ত’ত দুখন-চাৰিখনকৈ অঘৰী-গাওঁ; চাই থাকিলে চকু জুৰাই যায়, দুখ- ভাগৰৰ বোধ নোহাৱা হয়। যি ফাতেই মুখ কৰা যায়, সেই ফাণৰ পৰাই প্ৰকৃতিৰ সৌন্দৰ্য মন-প্ৰাণ হৰি নিয়ে! এনে সৌন্দৰ্যৰ মাজে মাজে ৰাজ্যজুৰি কেইওফালে আহল-বহল অসংখ্যাত সেন্দুৰীয়া আলি- বাট। সেইবোৰ আলিবাটেদি সততে ৰণুৱাৰ ৰথ, চেৱাৰীৰ ঘোঁৰা, আৰোহীৰ হাতী, আৰু বোজাবোৱা বলদ, গাধ, উট, আদিৰ লানীনিছিগ চলাচল। চমুকৈ কবলৈ গলে, ৰণ-বিগ্ৰহ, বেহা-বেপাৰ, খেতিপথাৰ, কল-কাৰখানা ইত্যাদি কাৰ্যকুশলতাৰে সৈতে চহৰখন সততে সজাগ। সেই চিৰসভাগ ৰাজ্যৰ মাজত বৃষ্ণিবংশী আৰু ভোজবংশী কোৰৰসকল সততে আগৰণুৱা আৰু আগবনুৱা হৈ চৌপাশে জিলিকি স্বৰূপত, সেই কালত সিবিলাকেই মথুৰা ৰাজ্যৰ আচল