পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় ছেদ। মথুৰা। মথুৰাৰ আঁতি-গুৰি মধুবন। চন্দ্রবংশী সুপ্রসিদ্ধ ৰজা যযাতিৰ নাতি, বনামখ্যাত যদুৰ পুত্ৰ মাধৱ বা মধু যেতিয়া সেই ৰাজ্যৰ অধীশ্বৰ আছিল, তেতিয়া তেওঁৰ মধু নামানুসৰি সেই পুৰাতনীয়া ৰাজ্যৰ নাম মধুবন হয়। সেই কালত অযােধ্যাত হৰ্য্যশ্ব নামে ইক্ষাকুৰ বংশধৰ এজন হৰ্য্যবংশী ৰজা আছিল। কোনাে কাৰণত তেওঁ দেশান্তৰিত হয়। সেই ছেগতে তেওঁ মধুবনৰ অধিপতি মধুৰ কন্যা মধুমতীক বিয়া কৰায়। তাৰ অলপ পাচতে মধু ৰজাৰ পৰলােক হােৱাত, জোৱায়েক হৰ্য্যশ্ব মধুবনৰ অধিপতি হয় (১; কিয়নাে মধুৰ পুত্র লৱণ তেতিয়া নাবালক। কিন্তু, বছৰচেৰেকৰ পাচত, ভিনীহিয়েক হশ্বৰ মৃত্যু হােৱাত, কোৱৰ লৱণে পিতৃ-সিংহাসন লাভ কৰে। সেই সূত্রতে মধুবনৰ ৰাজপাট আকৌ চন্দ্রবংশী ৰজাৰ অধিকাৰলৈ আহে। তাৰপৰা ভালেমান বছৰৰ অন্তৰত, সেই কাণৰ অযােধাৰ ৰজা শ্ৰীৰামচন্দ্ৰৰ নুমলীয়া ভায়েক শত্রুঘ্ন কোৱৰে লৱণৰ বংশধৰ ৰজাক ৰণত হৰুৱাই মধুবন ৰাজ্য তেওঁৰপৰা কাঢ়ি লয়, আৰু মধুবন ৰাজ্যৰ ৰাজধানী মথুৰা নগৰী স্থাপন, কৰে (২)। সেয়ে মথুৰাৰ (১) “হৰিবংশ”—বিষ্ণুপৰ্ব্ব। (২) “মায়া”ৰ মতেও শ্ৰীৰামচন্দ্ৰৰ ভায়েক শত্ৰুং মধুবন দখল কৰি তাত মথুৰা নগৰ স্থাপন কৰে। সেই প্রসঙ্গত মধুৰ পুত্ৰ লৱণক শক্ৰই ৰণত হৰুৰ কথাও আছে। এতেকে, শ্ৰীৰামচন্দ্ৰ যাৰসকলৰ অতি পূৰ্বপুৰুষৰ সমসাময়িক ঘদুৰপৰা মাথোন এক পুৰুষৰ অন্তৰত। সেই অনুসৰি, কৃষ্ণৰপৰা শ্ৰীৰামাত্র তেতিয়াৰ সাত, নাইবা এতিয়াৰ চৈধ্য পুৰুষমানৰ ওপৰত ৰয়গৈ। ৰামযুগৰ মানুহ