পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পংমহেদ। যমুনা-সিপাৰে ৰাম-কৃষ্ণ। সন্ধিয়া-পৰত অগত্যা যমুনা পাৰ হৈ আহি অকুৰ ইপাৰে পূৰীৰ ভিতৰ সোমালহি, ৰামকৃষ্ণ যমুনাৰ সিপাৰে সেই দিব্য উপবনতে বল। ইপাৰে শাৰী শাৰী যমুনাপৰীয়া মথুৰাবাসীয়ে ৰাম-কৃষ্ণ দৰ্শনৰ অতৃপ্ত সুখ অনুভৱ কৰিবলৈ ধৰিলে; সিপাৰৰ উপবন-প্ৰবাসী ব্ৰজবাসীয়ে অৱশ্যে, ইপাৰৰ দৰ্শকবৃন্দলৈ সিমান মন কৰা নাই, মাথোন সেই সময়ত সিবিলাকৰ প্ৰবাস খাটনৰ অচলাৰ্থে সকলোটি ভাগে-ভাগে ভিভি কাৰ্য্যত তৎপৰ আছিল। তাৰ মাজত ৰামকৃষ্ণ আকাশৰ জোন-বেলি যেন হৈ জিলিকিল! সেই ছেগতে সেই চবুৰীয়া মথুৰা- বাসীয়ে ৰাম-কৃষ্ণ-দৰ্শন-সুখ প্ৰাণভৰি উপভোগ কৰি, সেই জোনাক ৰাতি দুভাৰমান উঠাত ধীৰে ধীৰে ঘৰমুৱা হবলৈ ধৰিলে। ইমানতে ননন্দন বাসুদেৱৰ ব্ৰজলীলাৰ অন্ত পৰে এতিয়া; এইখিনিতে যোদাতনয় দৈৱকীনন্দনৰ বাল্যলীলাৰ যৱনিকাপাত হয় এতিয়া; আজিৰ দিনতে গোপীনাথ সেশ্বৰে বৃন্দাবনলীলাৰ সামৰণি মাৰে এতিয়া; যমুনাৰ সিপাৰত আছেমানে ব্ৰজনাথ, ইপাৰ হলেই যদুনাথ হবহি এতিয়া; মথুৰা নগৰীৰ বাজ হৈ আছেনে ব্ৰজযাত্ৰী, ৰামকৃষ্ণ পূৰীপ্ৰৱেশ কৰাত্ৰে মথুৰাপ্ৰত্যাগত হয়হি এতিয়া। বৃন্দাবনৰ শ্ৰীকৃষ্ণ আজি মথুৰাৰ শ্ৰীকৃষ্ণ হয়হি হে লাগে, মাজতে দুদণ্ড মাথোন। ভগবান শ্ৰীকৃষ্ণই ব্ৰজবাসীক বাল্যলীলা দেখুৱাওঁতে আপোনা