শ্ৰীকৃষ্ণ৷ গৃহলৈ গৈ আপোনাৰ আৰু আত্মীয়গণৰ প্ৰীতিসাধন কৰিমগৈ” (১)। এই আশ্বাসত অলপ তুষ্ট হৈ অক্ৰুৰে অগত্যা শ্ৰীকৃষ্ণৰ ওচৰত বিদায় লৈ বিষাদচিতেৰে মথুৰাপূৰীত প্ৰৱেশ কৰিলে। তাৰ পাচত, ৰাম-কৃষ্ণ ক্ষন্তেক এফলীয়া হৈ অক্ৰুৰৰ দিহামতে ৰাতি গোপনে মথুৰা প্ৰৱেশ কৰি পুৰী পৰিদৰ্শন কৰা বিষয়ক আলোচনাত বহিল; ইফালে নন্দৰাজৰ দিহামতে প্ৰবাসী গোপবৰ্গে যমুনাপাৰৰ উপবনত প্ৰৱনুৱা কাপোৰৰ ছালিঘৰ আদি টঙ্গোৱা কাৰ্য্যত তৎপৰ হল। মথুৰাপূৰীৰ প্ৰৱেশ দুৱাৰবোৰ বৰ ওখ আৰু স্ফটিকময়; চাৰিওফালে মেৰাই চপ্চপীয়া পানীভৰা গড়খাৱৈৰ দ্বাৰাই পৰিবেষ্টিত; গতিকে তাত প্ৰৱেশ কৰা শত্ৰুকুলৰ পক্ষে অতি দুঃসাধ্য (২) সেই কাৰণে, সেই প্ৰবেশ কৈনেকৈ সুগম কৰিব, ৰাম-কৃষ্ণই তাৰ আলচ পাতিবলৈ ধৰিলে।
(১) “আয়াস্তে ভবতো গেহমহমাৰ্ষসমন্বিত:৷ যদুচক্ৰদ্ৰুহং হত্বা বিতৰিষ্যে সুহৃৎপিয়ং।৷” -শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৪১ আধ্যা, ১৪ শ্লোক৷ (২) শ্ৰীমদ্ভাগৱত, ৪১ আধ্যা, ১৭ শ্লোক।