পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰুৰ-বিদায়। এৱেশ কৰিম (১)।” শ্ৰীকৃষ্ণৰ এই সিদ্ধান্ত শুনি তন্ময়চিতীয়া অকুৰে পুনঃ সংজ্ঞা লাভ কৰি অত্যন্ত ব্যথিত হৈ অতিকৈ কাতৰ কৰি এইবুলি নিবেদন কৰিলে,-“হে প্ৰভো! আপোনালোক দুজনক এৰি অকলে মই কেতিয়াও পূৰীত প্ৰৱেশ নকৰে॥ মই আপোনা- সকলৰ ভক্ত সেৱক; মোক ত্যাগ নকৰিব। হে ভগবান! গোপালগণ, সুহৃবৰ্গ আৰু বলদেৱৰে সৈতে লগ লাগি আমি সকলোটি একেলগে নগৰ সোমাওঁহঁক। আহক, মোৰ লগতে গৈ মোৰ গৃহত পদধূলি দি চৰিতাৰ্থ কৰোকহি; যি পদজ প্ৰাপ্তিৰ দ্বাৰাই আজি পিতৃলোক পৰিতৃপ্ত হব, যি চৰণ প্ৰক্ষালন কৰি দানৱৰাজ বলিয়ে (২) জগতত অনুপম যশস্য, অতুল ঐশ্বৰ্য আৰু ভলভ্য গতি লাভ কৰি কৃতাৰ্থ হৈছিল, সেই চৰণৰ ধুলি দি এই নিঃকিন ভক্তৰ গৃহ পৰিত্ৰ কৰোক হি” (৩)। তাৰ পাচত, বিস্তৰ বুজনিৰে সৈতে ভগবান শ্ৰীকৃষ্ণই ভক্ত অকুৰক অলপ শান্ত কৰি এই আশ্বাসেৰে বিদায় দিলে,-“হেৰি, খুড়াদেউ! আপুনি আগ বাচক; আমিও আপোনাৰ পাচতে, সমুনা পাৰ হৈ মথুৰা নগৰীত প্ৰৱেশ কৰিমক। আক, যদুবংশীয় জ্ঞাতিবৰ্গৰ নিগ্ৰহকাৰী কংসক বধ কৰি উঠি, মই অগ্ৰজৰে সৈতে আপোনাৰ (১) “ভবান প্ৰবিশতমগ্ৰে সহযানঃ পুবী গৃহ। ৰয়বিহাবমুচাৰ্থ তাত দ্ৰম্যামহে পূনীং।” শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৪১ আধ্যা, মনোক। (১) এও শোণিতপুৰৰ অধিপতি ৰাৰজাৰ পিতৃপুৰুষ। (৩) “অনিজ্যাচ্ছি যুগলমাসীৎ শ্লোকো ৰলিম। ঐশ্বৰ্য্যমতুলং লেভে গতিচৈান্তিনা।” -মাগৱত, দশম , ৪১ আ্যা, ১১ লোক।