চতুৰ্থ ছেদ। অকুৰ-বিদায়। ইতিক্ষণত, পিচ পৰি আহি থকা নন্দৰাজ প্ৰমুখ্যে বৃন্দাবনৰ যাত্ৰীদলল আহি অকুৰৰ ৰথৰ কাষ চাপিলেহি। সিমানতে সিবিলাকৰ গতিৰোধ নকৰাকৈ ততালিকে ইফালৰ পৰা ৰামকৃষ্ণ সমম্বিতে গান্ধিনীনন্দনৰ (১) ৰথো আগে আগে চলাই দিয়া হল। তাৰ পাচত, আৰু অলপ বাট গৈয়েই সম্পূৰ্ণ যাত্ৰীদল যমুনাৰ ঘাইঘাট, অৰ্থাৎ মথুৰা- বাটত উপনীত হলগৈ। সিমানতে সাঁজ লাগিল। গতিকে, নন্দৰাৰ আদেশ অনুসৰি, তাৰপৰা অলপ উজাই যমুনাৰ সিপাৰতে এখনি দিব্য উপবনত সেই ৰাতিটো বঞ্চিবৰ অৰ্থে যাত্ৰীদলে যোবা কৰিবলৈ ধৰিলে। ইতি-অৱসৰতে, ৰথৰপৰা নামি, দোখোজ আগবাঢ়ি গৈ অৰৰ হাতত ধৰি অতি বিনীতভাৱে হাঁহি ঘঁহি শ্ৰীকৃষ্ণই তেওঁত এই বুলি আপোন অভিপ্ৰায় ব্যক্ত কৰিলে,-“হেৰি খুড়াদেউ! আপুনি ইয়াৰেপৰা যমুনা পাৰ হৈ এই ৰখতে চৰি আগধৰি পূৰীত প্ৰৱেশ কৰি কংসৰাজক আমাৰ আগমনৰ বাৰ্তা দি নিজঘৰলৈ যাওকগৈ; আমি ইয়াতে অলপ-পৰ জিৰাই-তাই আপুনি দি খোৱা দিহা মতে যথাসময়ত পূৰী দৰ্শনাৰ্থে মধুৰ নগৰীত (১) অৰৰ মাতৃৰ নাম গাফিলী। যেনে- “ইত্যুকাচোদয়ামাস সশন গান্ধিনী। মধুমনয়াজানং কৃষ্ণগৈৰ দিনাত্যয়ে। -মাগৱদগীতা, দশম , ১ম অধ্যা, ৪ লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২৩১
অৱয়ব