পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰচৰিত্ৰ। বৃন্দাবনৰপৰা মথুৰালৈ নিবলৈ পঠিয়াইছে। অকুৰ খুড়াই কোৱালৈ মন নকৰিলা নে যে, আমি কংস ৰজাৰ কুটুম্ব কাৰণে হে হেনো তেওঁৰ ধনুৰ্যত আমাক দেখা পাবৰ বাৰে (১) এই যাত্ৰাত মথুৰালৈ নিয়াৰ উদ্দেশ্যে অৰক কটকি পঠিয়াইছে। অথচ, আনহাতে তীক্ষ্ণবুদ্ধিৰ ৰাজনীতিজ্ঞ পুৰুষ অকুৰে কংসৰ পাপ-অভিসন্ধি আৰু গুপুত ষড়যন্ত্ৰ সম্ভেদ আগধৰি পাই থৈছে। এতিয়া গমি চোৱাচোন এনে সমস্যাত তেওঁ কি কৰা উচিত আৰু কি ভাবে চলা বিধেয়। মোৰ মনেৰে, অসামান্য বুদ্ধিমান যাদৱ কুলতিলক অকুৰ কাৰণে হে এনে অপাৰ সমস্যাৰ পাৰ পাওঁ-পাওঁ হৈছেহি, সামান্য বুদ্ধিৰ ইতৰ লোক হোৱা হলে, তেওঁৰ কেতিয়াবাই পতন ঘটিলহেঁতেন। আৰু এটা কথালৈ মন কৰিব, কংস ৰজাই তেওঁৰ পুত উদ্দেশ্যেৰ সম্ভে আমাক নিদিবলৈ বুলি অক্ৰুৰ কটকিক একো কোৱা যে নায়েই, তাৰ সঙ্কেত দিয়া নাই; এতেকে, কংসৰ ষড়যন্ত্ৰৰ বিষয়ে আমাক উপস্থিত ছেগত ভাঙ্গি কোৱাত অকুৰৰ কোনো দোষ হব নোৱাৰে! মোৰ বোধেৰে, তেওঁ নেই-পাপ- ষড়যন্ত্ৰৰ সম্ভে পায়ে আমাক ভাজি নোকোৱা হলে হে তেওঁকো তাৰ পাপে চুলেহেঁতেন, এতিয়া তেওঁক তাৰ প্ৰত্যবায়ে নাপায় গৈ। গতিকে, তেওঁৰ নিৰ্ম্মল চৰিত্ৰ নিৰ্ম্মল হৈয়ে ৰৈছে; তুমি যি কাৰ্য্য প্ৰবঞ্চনা বুলি ভাবিহা, সি প্ৰকৃততে প্ৰবঞ্চনা নহয়, বৰঞ্চ পাপ-প্ৰক্ষালন হে। বাস্তৰতে, দদা! এনেজন চৰিত্ৰবান ধৰ্ম্মবীৰে আমাৰ বংশত জন্ম লোৱাত, আমি সদৌ যদুকুল ধন্য আৰু গৌৰান্বিত হৈছে- হঁক।” অনুজ কৃষ্ণৰ জ্ঞানগৰ্ত কথা শুনি শুনি আৰু লৰাৰে গুণি থাকোতেই তন্ময়চিত অৰে আহি আকৌ ৰথত চৰিলেহিৰামকৃষ্ণই সিমানতে নিমাত হৈ নিটাল মাৰিলে। (১) হৰিবংশ, বিষ্ণুপ, ২ আখ্যা।