পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। যে নিৰ্মল চৰিত্ৰ!” বলমে ততালিলে কৃষ্ণৰ উত্তৰ কাটি আকৌ এই বুলি প্ৰশ্ন কৰিলে, “কৃষ্ণ! মোৰৰ জানিবলৈ আৰু বুজিবলৈ বাকী নাই যে, আমাৰ খুড়দেউ অকুৰ এজন অতি সৰলচিতীয়া ভগবদ্ভক্ত পুৰুষ; কিন্তু সেই বুলি তেওঁৰ চৰিত্ৰ নিৰ্মল বুলি কেনেকৈ কোৱা যায়?—আন কিবা দোষাদোষ থাকিলেও আমি নাজানো, কিন্তু তেওঁ যে আমাৰ প্ৰাণবৈৰী কংস ৰজাক প্ৰবঞ্চনা কৰি মথুৰাৰপৰা বৃন্দাবনলৈ আহি আমাক লৈ আহিছেহি, এই পাপকাৰ্য্যৰ চেকাই তেওঁৰ চৰিত্ৰক কলুষিত কৰা নাই জানো?” অগ্ৰজৰ জটীল প্ৰশ্নৰ উত্তৰ দিবলৈ মতিমান শ্ৰীকৃষ্ণনো ক্ষন্তেক গুণিব লগাত পৰিছিল। তাৰ পাচত, তেওঁৰ স্বভাবসুলভ উপস্থিত বুদ্ধি খটাই অগ্ৰজৰ প্ৰশ্নৰ উত্তৰত তেওঁক এই বুলি বুজাবলৈ ধৰিলে, “দদা! কৰ্তব্যপৰায়ণ ভগবদ্ভক্ত অকুৰ প্ৰবঞ্চক নহয়; তেওঁ কংস ৰজাক ছলিবলৈ বুলি কোনো ফাকি-প্ৰবঞ্চনাও কৰা নাই, মাথোন তেওঁৰ অন্তৰৰ ভাব কংসৰাজৰ আগত উবুৰিয়াই কোৱা নাই, আৰু কবলৈ তেওঁ ন্যায়তঃ বাধ্যও নহয়। তঃ, ধৰ্মপ্ৰাণ অকুৰ এতিয়া এক অপাৰ সমস্যাত। এপাৰে ৰাজাজ্ঞা পালন কৰ্তব্য, আনপাৰে বংশ-মমতা আৰু ৰাইজৰ হিতসাধন ধৰ্ম ৰক্ষা কৰা কৰ্ত্তব্য। ইপাৰলৈ চালেও নাও বুৰে, সিপাৰলৈ চালেও বুৰে। অৰ্থাৎ, কংস ৰজাৰ আজ্ঞা পালন নকৰা হলেও তেওঁৰ বিপদ, ৰাইজৰ হিতসাধন ধৰ্ম ৰক্ষা নকৰিলেও তেওঁৰ আপদ। গতিকে, তেওঁ কোনো পাৰলৈ ধাউতিৰ ভৰ নিদি মধ্যস্থভাৱে নাৰ গৰ্ত্তৰ মধ্যস্থলত স্থিৰভাৱে ৰৈ উপস্থিত অপায়-সাগৰ পাৰ হবলৈ পাৰি দিছে। বিশেষতঃ, কংস ৰজাই তেওঁৰ গুপুত পাপবাসনাৰ বিষয়ে অকুৰক অলপপ সঙ্কেত দিয়া নাই বৰঞ্চ তেওঁক প্ৰবঞ্চনামূলক উদগনি দিহে আমাক