পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় ছেদ। -- অকুৰ-চৰিত্ৰ। তন্ময়চিত্ত ভগবদ্ভক্ত অকুৰৰ আন্তৰিক ভক্তিভাব বাহিক মুখ- দাপোনত ফটফটীয়াকৈ প্ৰতিবিম্বিত হৈছিল। তেওঁ নিজে কব নোৱাৰে, কিন্তু অন্যে তেওঁৰ মুখাকৃতি দেখি অন্তৰৰ ভাব বুজিব পৰা হৈছিল। তাৰ লগতে তেওঁৰ বিস্ময়জনক ভাব-গতিয়ে তেওঁৰ প্ৰতি অন্তৰ মনোযোগ অযাচিতে আকৰ্ষণ কৰিছিল। দেখো কিন্তু সেই সময়ত ৰাম-কৃষ্ণত বাজে সেই ঠাইত আন কেননা নাছিল। অকুৰ কালিন্দীত নামি পানীত বুৰ মাৰি অলপ-পৰ ৰৈ আকৌ ভমকৰে মূৰ উলিয়াই চাকৈ পাৰত ৰাম-কৃষ্ণলৈ চাই পঠিয়াই বিচুৰ্ত্তি খাই আকৌ বুৰ মাৰি নেদেখা হয়, ইফালে ৰাম-কৃষ্ণই তেওঁৰ ভগবদ্ভাবত অনুদিত হৈ মিচিকি- মিচিকি হাঁহে। ইফালে ইবিলাকে চায় আৰু হাঁহে, সিফালে অকুৰে বিস্ময় মানি ঘনে-ঘনে মূৰ উলিযায়, ঘনে ঘনে বুৰ, দি লুকায়। সেই লুকাভুমুকা চাই চাই শেহান্তৰত প্ৰশান্ত-মূৰ্ত্তি বলৰাম বিচলিত হৈ পৰিল। তেওঁ মনৰ কৌতুহল মনে-মনে মাৰ নিয়াব নোৱাৰি, এবাৰ এই বুলি আচৰিতভাৱে কৈ উঠিল, “এওঁৰ আজি হৈছে কি? কিয় এওঁ এই দৰে আপোন-পাহৰা হৈ বিষয় মানি পানীত বুৰ দি দি হাইৰাণ হৈছে। আৰু, থাকি থাকি তেওঁ কিয় আমালৈ চক ধৰি ধৰি চাইছে। অনুজ শ্ৰীকৃষ্ণই অচিতে এই বুলি উত্তৰ কাটিলে, “দা! ভগবদ্ভক্ত অকুৰ আন্তৰিক ভক্তিভাবত তন্ময়! তেওঁ কালিশীৰ গৰ্ভত বুৰ, দি আহিক ধ্যানত কি জাননা কি অদ্ভুত আচৰিত আলৌকিক কিবা দেখা পাইছে হব পায়। দেহি! কি যে সৰল প্ৰাণ! কেনে