শ্ৰীকৃষ্ণ। অপৰূপ দেখা পাইছে হব পায় (১)?” শ্ৰীকৃষ্ণৰ কৰুণ সুৰৰ সেই প্ৰশ্ন শুনানীকে ভগবদ্ভাবত তন্ময় কৃষ্ণ প্ৰাণ অকুৰে তেতিক্ষণে এই বুলি সমিচাৰ দিলে, “হে বিশ্বাত্মন! আকাশত, বা পাতালত, নাইবা পানীৰ তলত যতমানে অদ্ভুত ভাবৰ অপৰূপ ৰূপ থাকিব পাৰে, সেই সকলোবোৰ আপোনাতে বিৰাজমান; এতেকে আপোনাৰ দৰ্শন লাভ কৰি উঠি মোৰ আৰু কিবা দেখিবলৈ বাকী থাকিব পাৰে নে (২)?” ভক্ত অকুৰৰ সৰল সমিচাৰত শ্ৰীকৃষ্ণ অপ্ৰস্তুত হোৱাৰ দৰে হৈ ১ম খাই ৰল (৩)। ইতি-অৱসৰতে অকুৰে সাউৎকৰে ৰথৰপৰা নামি গৈ আঁতৰি আচুতীয়াকৈ এজুপি আঁহত গছপুণিৰ তলত বহি আকৌ ধ্যানত নিমগ্ন হলগৈ। (১) “তমপৃচ্ছদ্ধষীকেশ কিন্তে দৃষ্টমিহাদ্ভূত। ভূমৌ বিয়তি তোয়ে বা তথা ত্বাং লক্ষয়ামহে।” (২) “অদ্ভুতানীহ যাবন্তি ভূমৌ বিয়তি বা জলে। ত্বয়ি বিশ্বকে জানি কিং মেহদৃষ্ট বিপশ্যতঃ।” -প্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৪১ আধ্যা, ১-২ শ্লোক। (৩) শ্ৰীকৃষ্ণব সাক্ষাতে তেওঁত ঈশ্বৰত্ব আৰোপ কৰা এয়ে প্ৰথম। ইতঃ পুৰ্বলেকে এই ভৰি এই ভাৱে কেৱে ব্যক্ত কৰিব পৰা নাছিল।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২২৭
অৱয়ব