পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৭ অৰৰ মথুৰা-প্ৰত্যাগমন। তেওঁ নীৰলে ৰথত চৰি, নীৰৱে একান্তপ্ৰাণে কৃষ্ণপদ বন্দি, অতি ভক্তিভাৱে ৰাম-কৃষ্ণৰ মাজতে তেওঁৰ নিজৰ আসনত লাহেকৈ বহি লেগৈ। বহিবগৈ, কিন্তু তেওৰ মুখত মাত নাই, ভাবত উদাস। সেই ভাৱেই সেই ছেগতে কৃষ্ণপ্ৰাণ অকুৰে মনে মনে পাপীষ্ঠ কংসৰ কল্পিত কৃষ্ণবধ ষড়যন্ত্ৰৰ বিষয়ে সুমৰি সুমৰি ভাবিবলৈ ধৰিলে। ভাবি ভাবি তেওঁ একোবাৰ হতাশত শেতা পৰি যায়, আৰু একোবাৰ আনন্দত উলাহিত হৈ উঠে। ভগবান শ্ৰীকৃষ্ণৰ অসীম-অদ্ভুত ক্ষমতা যদিও ভগবদ্ভক্ত অকুৰৰ অটল বিশ্বাস, তথাপি কংসৰ ভয়াবহ ষড়যন্ত্ৰৰ কথালৈ মনত পৰিলে তেওঁৰ মানৱ প্ৰাণ বিচলিত হৈ পৰে। তেতিয়া শ্ৰীকৃষ্ণত সৰ্বশক্তিসম্পন্ন ভগবদ্ভাব তেওঁ ক্ষন্তেক’ল পাহৰি যায়। কংসই ধনুৰ্যাগ উপলক্ষ কৰি, ৰাম-কৃষ্ণক মথুৰালৈ নিয়াই লৈ, গজ, মুষ্টিক, চানুৰ মল্লাদিৰ দ্বাৰাই বধ কৰাবলৈ যি যড়যন্ত্ৰ পাতিছিল, তালৈ মনত পৰিলে সুকুমাৰ ৰাম-কৃষ্ণ ভতিজাদ্বয়ৰ নিমিত্তে তেওঁৰ প্ৰাণ কান্দি উঠে; সেই মুহুৰ্তত ৰাম-কৃষ্ণ যে তেওঁৰ অগ্ৰজ বসুদেৱৰ পুত্ৰ, তাত বাজে আন ভাব তেওঁৰ ধাৰণাই ধুকি নোপোৱা হয় (১)। অকুৰে সেইভাৱে ভালেখিনি পৰলৈকে নীৰলে নিটাল মাৰি থকালৈ মন কৰি, আৰু তেওঁৰ ভাব-গতিৰ অপূৰ্ব পৰিবৰ্তন দেখি, শ্ৰীকৃষ্ণই এটি মিচিকিয়া হাঁহি মাৰি অলপ বিস্ময় মানি দেখুৱাই তেওঁক এই বুলি সুধিলে,-“খুড়াদেৱ! আপুনি নিটাল মাৰি আছে দেখোন, কিয়? আপোনাৰ ভাব-গতিলৈ চাই মোৰ এনে হে বোধ হৈছে, যেন আপুনি ধৰাতলত, কিম্বা আকাশত, নাইবা পানীৰ তলত অদ্ভুত ভাৰৰ কিবা (১) মাগত, দশম ফজ, ৩৯ আখ্যাৰ সাৰবৰ আভাস।