লোকসমূহে ‘আমি’ ‘আমাৰ কৰি ভ্ৰান্তৰ দৰে বিচৰণ কৰিছে। মই অধমেও এই সংসাৰৰ অলিক দেহ, ঘৰ-দুৱাৰ, পুত্ৰ-কলত্ৰ, আত্মীয়- স্বজন, বন্ধু-বান্ধৱ সমূহক সত্য আৰু নিত্য জ্ঞান কৰি মহা মূখৰ দৰে বিচৰণ কৰিছে! অহ, এই ঘোৰ সংসাৰত মজি মই অনিত্যক নিত্য জ্ঞান, অনাত্মবিষয়ত আত্মবুদ্ধি, দুখময় পদাৰ্থক সুখময় জ্ঞান কৰি স্বৰূপ-সৰবৰ এৰি মায়া-মৰীচিকাত বিচৰণ কৰিছে! এতেকে, হে পদ্মনাভ। এই শৰণাগতক উদ্ধাৰ কৰ। (১)। সৰ্বপ্ৰকাৰ হেতুভুত পৰমবিজ্ঞানেই আপোনাৰ বিগ্ৰহ; আপুনিয়েই পুৰুষশ্ৰেষ্ঠ আৰু প্ৰকৃতিৰূপ; সৰ্বশক্তিসম্পন্ন পৰব্ৰহ্ম বুলি যিজনক কীৰ্ত্তন কৰে। তেওঁৱেই আপুনি; এতেকে, হে কৃষ্ণ! আপোক প্ৰণাম কৰে। (২)। আপুনি সৰ্ব্বভূতৰ নিবাসস্থল বাসুদে, আপোনাক প্ৰণাম কৰে॥ হে প্ৰভু হৃষীকেশ! এই শৰণাগতক ৰক্ষা কৰক, আপোনাক প্ৰণাম কৰে। (৩)।” কৃষ্ণস্তব সমাপনৰ পাচত, অকুৰে কালিন্দীৰ গৰ্ত্তৰপৰা পাৰলৈ উঠি মাধ্যাহিক নিত্যক্ৰিয়াদি অনতিপলমে সমাপন কৰি, আপোনাৰ ভাব-গতি আৰু কাৰ্যাৱলীত আপুনি বিস্ময় মানি বিমুগ্ধ বিমোৰ হৈ অতি ভাবগহীনভাৱে গৈ ৰথৰ কাষ চাপিলেগৈ। তাৰ পাচত, (১) শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৪০ আধা, ২১-২৬ শ্লোক। (২) “নমো বিজ্ঞানমাত্ৰায় সৰ্বপ্ৰত্যয়হেতবে। পুৰুষেণপ্ৰধানায় ৰহ্মণেহনন্তশক্তয়ে।” শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৪০ আধ্যা, ২৭ জোক। (৩) "নমন্তে বাসুদেবায় সৰ্বভূতক্ষয়ায় চ। হৃষীকেশ নমস্তুভ্যং প্ৰপন্নং পাহি মাং এতে।” -শ্ৰীমদ্ভাগবত, দশম স্কন্ধ, ৪০ আধ্যা, ২৮ মোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২২৫
অৱয়ব