পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৫ অৰৰ মধুৰা-প্ৰত্যাগমন। আপোনাৰ মন্তক, ইন্দ্ৰাদি অমৰবৰ্গ আপোনাৰ বাহু, অৰ্ণৱ সমুহ আপোনাৰ কুক্ষিদেশ, বায়ু আপোনাৰ প্ৰাণ আৰু বল; গছ-লতা ঘঁহ- বন আদি আপোনাৰ গাৰ নোম, আকাশৰ মেঘাৱলী আপোনাৰ মূৰৰ চুলি, ৰাতি আৰু দিন আপোনাৰ শয়ন আৰু জাগৰণ মাখোন। পানীৰ মাছে যেনেকৈ যথেষ্ট পানীৰ মাজত মুকলি মনেৰে বিচৰণ কৰি ফুৰে, তেনেকৈ এই অনন্তকোটী জীৱনিচয়ৰে সৈতে এই অনন্ত ব্ৰহ্মাণ্ডই মহা হিৰণ্যগৱঁৰূপ মহাপুৰুষ আপোনাৰ অন্তঃকৰণত অৱলীল- ক্ৰমে বিচৰণ কৰিব লাগিছে (১)। হে দীনবন্ধু, যি জনে প্ৰলয়পমোধিত মীনৰূপ ধাৰণ কৰি বিচৰণ কৰিছিল আৰু যি জনে হয়ঞীব মূৰ্তি ধাৰণ কৰি মধুকৈটভ নামে দৈত্যয়ৰ নিধন সাধন কৰিছিল, সেই আপোক প্ৰণাম কৰে॥ হে কৃষ্ণ! যি বৰাহৰূপ ধাৰণ কৰি ধৰাৰ উদ্ধাৰ সাধন কৰিছিল, যি নৰসিংহৰূপে হিৰণ্যকশিপুৰ অমৰ হৰণ কৰিছিল, যি বামনৰূপ ধাৰণ কৰি ত্ৰিভূবন জুৰি বলিছলন নাম গ্ৰহণ কৰিছিল, সেই আপোনাক প্ৰণাম কৰে। (২)। হে প্ৰভু, আপুনিয়েই ভৃগুপতি পৰশুৰামৰূপ ধাৰণ কৰি ক্ষত্ৰিয়কুলৰ মূল উছন নিয়াইছিল; আপুনিয়েই ৰঘুশ্ৰেষ্ঠ ৰামৰূপ ধাৰণ কৰি দুষ্ট দশানন ৰাৱণক নিধন কৰি পৃথিবী শাত কৰিছিল; আপুনিয়েই সাক্ষাৎ বাসুদেৱ আৰু সঙ্কৰ্ষণৰূপে আবিভূত হৈ কংসাৰি হৈছেহি, আপোক প্ৰণাম কৰে। (৩)। হে ভগবান! আপোনাৰ মায়াত মুগ্ধ হৈ এই সংসাৰত (১) মদ্ভাগৱত, দশম স্কন্ধ, ৪০ আধ্যা, ১৩-১৫ শ্লোক। C D ১-১৮ 1