ধ্যানত কৰিবলৈ নামিলে গৈ। নামি, অনন্তশায়ী বিষ্ণুক চিন্তি তেওঁ যমুনাজলত এটা দম বুৰ মাৰি ৰল। বৈ, পানীৰ তলতে আহিকত কৃষ্ণধ্যান কৰিলে। সেই অৱস্থাত অকুৰে দেখি বিস্ময় মানিলে যে, যমুনাৰ গৰ্ভত সেই ৰাম-কৃষ্ণ! তেওঁ অতিশয় বিস্মিত হৈ, লৰালৰিকৈ পানীৰ তলৰপৰা মুৰ উলিয়াই পাৰলৈ চাই দেখে যে, পাৰত একো পৰিবৰ্তন হোৱা নাই, ৰামকৃষ্ণ ৰথৰ ওপৰত বহি থকা ভাগেই আছে। অক্ৰুৰে পানীৰ তলত দেখা সেই দৃশ্য ভ্ৰম- মূলক ভাবি কাকো একো নোকোৱাকৈ আকৌ যমুনাত নামি বুৰ দি আকৌ তেওঁ সেই আহ্নিক পূজাৰ ধ্যান মগ্ন হলগৈ। পিচে, মগ্ন হোৱা মৰকে পুনৰপি তেওঁ যমুনাগৰ্ভত ৰাম- কৃষ্ণৰ জীৱন্ত ৰূপ দৰ্শন কৰিলে। দেখি, বিস্ময় মানি, তেওঁ ততালিকে পানীৰ তলৰপৰা মূৰ উলিয়াই পাৰলৈ চাই পঠিয়াই দেখে যে, ৰামকৃষ্ণ পূৰ্বৰত ৰথৰ ওপৰতে! এইবাৰ তেওঁৰ কৌতূহল আগতকৈও বাঢ়িবলৈ ধৰিলে। গতিকে, তেওঁ আপোন ভাবত বিভোল হৈ, আৰু বাৰচেৰেক বুৰ, দি দি পানীৰ তলত ভগবান শ্ৰীকৃষ্ণৰূপ ক্ৰমাৎ অলৌকিকভাৱ দৰ্শন কৰি পুলকিত হৈ উঠিল। শেহান্তৰত, ভগবদ্ভাবত তন্ময় হৈ ভগবদ্ভক্ত অকুৰে তেওঁৰ আৰাধ্য দেৱতা স্বয়ং বৈকুণ্ঠৰ শ্ৰীকৃষ্ণৰ পূৰ্ণকল। বৃন্দাবনৰ শ্ৰীকৃষ্ণত সাক্ষাৎ- স্বৰূপে প্ৰতিভাত হোৱা দৰ্শন লাভ কৰিবলৈ ধৰিলে। তেওঁ কৃষ্ণ- ভক্তিত অভিভূত হৈ যমুনাগৰ্ভত অনন্তশয্যাত অনন্তফণৰ শান্তি- ছায়াত শ্ৰীকৃষ্ণক বিশ্ৰাম লোৱা অৱস্থাত দেখি, পাৰ্থিব ভাব পাহৰি তন্ময়চিত্ত হল। সেই অৱস্থাত তেওঁৰ সৰ্ব্বাঙ্গ ৰোমাঞ্চিত হৈ উঠিল, ভাবত চিত্ত আত্ন হল আৰু চকু চলীয়া হৈ পৰিল। ভক্তশ্ৰেষ্ঠ অকুৰে ভগবান শ্ৰীকৃষ্ণৰ সেই অলৌকিক ৰূপলীল ভক্তিবিহ্বল
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২২১
অৱয়ব