পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় ছেদ। অকুৰৰ মথুৰা-প্ৰত্যাগমন। গৈ গৈ ৰথ যমুনাঘাট পালেগৈ। সেই ছোৱা বাট কেনি নো আহিল, স, অকুৰে কব নোৱাৰে। গোপিনীবৰ্গৰ হাতত জীৱনৰ বাকী ছোৱা কাল বন্ধোৱা ৰবগৈ লাগিব বুলি হে তেওঁৰ বোধ হৈছিলগৈ। গোপিনীৰ মায়াজাল এৰাই ৰাম-কৃষ্ণ যে বৃন্দাবন এৰি আহিব পাৰিব,. এনে ধাৰণাও অকুৰ বিচুক্তি-বিবুদ্ধি মনৰপৰা ৰাজ হৈছিল। তেওঁ কিংকৰ্তব্যবিমোঢ় হৈ থাকোতেই যে বিজুলীৰ দৰে চাতকৰে সিবিলাক সঁচাচিকৈ এৰাই আহিল, সেইটো ভালেখিনি পৰলৈকে তেওঁৰ বিশ্বাসেই নহৈছিল। তেওঁ মনে-প্ৰাণে হৰিক ধ্যান কৰি বিমোৰ-বিহ্বল আৰু সংজ্ঞাশূন্য অৱস্থাত এইবুলি কাতৰ কৰি গাই আহিছিল, “হে হৰি, তোমাক স্মৰো, সদৌ আপদত তৰে; ইবাৰ সাবটি হৰি, আছে। মই ধৰি, তেবে কিয় আশঙ্কাত মৰো?” এই ভাবি ভাবি তেওঁ সেই যে চকু মুদিলে, তাৰেপৰা যমুনাঘাট আহি পোৱালৈকে আৰু চকু নেমেলিলে! কিয়নো, চকু মেলিলেই যেন গোপিনীৰ আপদ-জালে তেওঁক আকৌ মেৰাই ধৰেহি। যেতিয়া যমুনাঘাট আহি পোৱাত সাৰথিয়ে ৰথ ৰখালেহি, তেতিয়া হে অলপ সংজ্ঞা লাভ কৰি অৰে লৰালৰিকৈ চকু মোহাৰি মোহাৰি ৰামকৃষ্ণ আছে নে নাই চবলৈ ধৰিলে। তাৰপাচত, ঘোৰাক অলপ সকাহ লবলৈ দি, আৰু পিচত আহি থকা যাত্ৰীসকলো আহি পাওহি বুলি, তাতে ৰথ ৰখোৱা হল। ইতি অৱসৰতে, অলপ প্ৰকৃতিস্থ হৈ, অকুৰে ৰথৰ ওপৰতে ৰামকৃষ্ণক বহুৱাই থৈ, সিবিলা- কৰ অনুমতিক্ৰমে আহ্নিক-ক্ৰিয়া সমাধা কৰিবৰ উদ্দেশ্যে যমুনাত দান