পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৩ অক্ৰুৰৰ মথুৰা-প্ৰত্যাগমন। হৈ ধ্যানত উপভোগ কৰিলে। তাৰ পাচত তন্ময়চিতেৰে গগদ অন্তৰেৰে জনাৰ্দনক স্তৱ কৰিবলৈ ধৰিলে (১)। সেই স্নান-আকিকত অকুৰে এই বুলি ভগবান শ্ৰীবিষ্ণুক আৰাধনা কৰিবলৈ ধৰিলে,-“হে সৰ্ব্বকাৰণকাৰণ আদিঅন্তত অব্যয় পৰম- পুৰুষ নাৰায়ণ! আপোনাক প্ৰণাম কৰে। আপোনাৰ নাভিৰপৰা যি পদ্মকোষ আকাশগামী হৈ উঠিছে, সেই পদ্মাসনত কমলাসন প্ৰজা- পতিয়ে থিত, লৈ এই চৰাচৰ বিশ্ব-ব্ৰহ্মাণ্ড ৰচনা কৰে (২)। পৃথিবী, সলিল, অনল, অনিল, আকাশ ইসৱৰ আদিকাৰণ, অহঙ্কাৰতত্ত্ব, মহতত্ত্ব, প্ৰকৃতি আৰু পুৰুষ, মন চক্ষুৰাদি দশোইন্দ্ৰিয়, শম্পৰ্শদি ইন্দ্ৰিয় বিষয়, ইন্দ্ৰিয়াধিষ্ঠিত দেৱতাবৰ্গ, আৰু যথাসম্ভৱ জগতত কাৰণ অনুভূত হয়, সেই সকলোৱেই আপোনাৰ অশাৰী শৰীৰৰপৰা উদ্ভূত হৈছে (৩)। আত্মভাবাহী দেহধাৰী পুৰুষে আপোনাৰ সচ্চিদানন্দ বিহৰ স্বৰূপ অৱধাৰণ কৰি উঠিবগৈ নোৱাৰে; তথাপি যোগিগণে আপোক পৰমপুৰুষ ঈশ্বৰ বুলি সাক্ষাৎসম্বন্ধে চিন্তা কৰে। কৰ্ম্মযোগিগণে ঋক, যজুঃ আৰু সামবেদৰ বিধান অনুসৰি বিভিন্ন নামে আৰু বিচিত্ৰ- ৰূপে অমৰবৰ নাম লৈ কেৱল আপোনাকেই আৰাধনা কৰিছে (৪)। (১) শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৩৯ অধ্যা, ৪৮ শ্লোক। (২) “নতোহম্মাহং ত্বাখিলহেতুহেতুং নাৰায়ণং পুৰুষমাদ্যমবয়ে। যন্নাতিজাতাদৰবিন্দকোষাধ ক্ষাবিবাসীৎ যত এষ লোকঃ” শ্ৰীমদ্ভাগৱত, দশমন্ধ, ৪০ অধ্যা, ১ম লোক। (৩) ভূন্তোমগ্নিঃ পবনঃ খাদিমহানজাদিমন ইন্দ্ৰিয়াণি। সৰ্বেন্দ্ৰিয়াৰ্থ বিবুধাশ্চ সৰ্বে যে হেতবান্তে জগততঙ্গভুতঃ।” মভাগৱত, দশম স্কন্ধ, ৪০ আধ্যা, ২য় শ্লোক। (৩) শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, অধ্যা, ৩-৫ শ্লোক।