১৮৮ গোপিনীবৰ্গৰ এজোৰাই অকুৰক ৰথৰপৰা টানি নমাই আনি হাতে বাউসীয়ে, কালে-উৰুৱে জপতীয়াই ধৰি বন্দী কৰি এইবুলি মুখে-মুৰে ককৰ্থনা কৰিবলৈ ধৰিলে,-“তুমি নিতান্ত কৰুণহীন, ক্ৰমতি,তোমাক অকুৰ বোলাটো নিশ্চয় অবিধি হৈছে। অহ, যাৰ অন্তৰত ইমান হিংসা, ইমান ঈৰ্ষা, সিনো অজুৰ নামৰ যোগ্য নে? হয়, কি যে নিকৰুণ চিত! যি শ্ৰীকৃষ্ণক আমি নিজৰ প্ৰাণতকৈও প্ৰিয়তম বোধ কৰোহঁক, সেই গোপীনাথক এও গগাপিনীৰ চকুৰ আগৰপৰা আঁতৰাই লৈ যাবলৈ আহিছে! কিন্তু, আমি যে প্ৰাণহৰিৰ বিৰহত জীয়াতে মৰা হব লগা হৈছোঁহঁক, তালৈ এই জুমতিয়ে কটাহিকে কৰা নাই; এনে কি, একেষাৰ সান্ত্বনা বাক্যেৰে আমাক প্ৰবোধ দিবলৈংকা এওঁৰ মন যোৱা নাই (১'! এতেকে, ধৰাহঁক, এওঁৰ ‘অকুৰ নাম কাঢ়ি লৈ এই ছেগতে এওঁক যথাযোগ নাম লগাই পঠিয়াওঁহঁক।” এই বুলি এজোৰাই ৰথৰ চকৰিত ওলমি পৰি তাৰ গতিৰোধ কৰিলে; এজোৰাই বলেৰে হাতৰপৰা ৰথৰ বাঘজৰী কাঢ়ি লৈ সাৰথিক অকৰ্মণ্য কৰিলে; এজোৰাই ৰথৰ ঘোৰ মোকলাই দিবৰ অৰ্থে হাতে-হাতে তাৰ বান্ধ-ছাত মেলিবলৈ ধৰিলে; এজোৰাই বলৰামৰ পাৱত পৰি কাকুতি কৰিবলৈ ধৰিলে; আন এজোৰাই প্ৰাণধন শ্ৰীকৃষ্ণক সুদৃঢ় বাহু-বান্ধনীৰে সৈতে সতকাই এৰাব নোৱাৰাকৈ গগাবিকৈ সাবটি ধৰিলে। নাৰী সেনানীৰ এনে বিষম বিক্ৰম দেখি ৰলৰ পুৰুষ যাত্ৰীবৰ্গে বিস্ময় নিলে! সদৌ যাত্ৰী গোপবৰ্গে (১) “মৈতদ্বিধস্যাকশস্য নাম ভুদকুৰ ইত্যেততীব দাশ। যোহসাবশ্বাস্য সুদুঃখিতং জন প্ৰিয়াংপ্ৰিয়ং নেতি পাৰমনঃ।” -খ্ৰীমদ্ভগৱত, দশম স্কৰ, ৩৯ আধা, ২০ মোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১৭
অৱয়ব