পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৯ বৃন্দাবন-বিদায়। গগাপিনীসকলক ক্ষান্ত হবলৈ বিস্তৰ আদেশ-উপদেশ দিও একো গুণ ধৰাব নোৱাৰাত পৰিল। শেহান্তৰত, যেতিয়া নিমাত শ্ৰীকৃষ্ণৰ মুখৰ অমিয়ামাত ওলাল, তেতিয়াই সমস্ত গোপিনী থম খাই ৰৈ গল। শ্ৰীকৃষ্ণই যেতিয়া “আকৌ আহিমগৈ” বুলি ঘূৰি ঘূৰি প্ৰবোধ দিবলৈ ধৰিলে, তেতিয়া অলপ আশ্বাস পাই গোপিনীসকল এক্ষন্তেক ক্ষান্ত হল। সেই অৱসৰতে অকুৰেসৈতে শ্ৰীকৃষ্ণ আকৌ ৰথত চৰিলগৈ, আৰু সঘনে পাই থকা সঙ্কেত অনুসৰি সাৰথিয়ে সেই ছেগতে বায়ুবেগেৰে মথুৰা অভিমুখে ৰথ চলাই দিলে। গোপিনীসকল চিত্ৰাৰ্পিত হৈ ৰথৰ পিচলৈ চাই চাই চাইয়ে ৰল, চাওঁতে চাওঁতে ৰথ সিবিলাকে মনিব নোৱাৰা হলগৈ *! তৰে পাচত, গোপিনীবৰ্গে মাটিত ঢলি ঢলি পৰি বাগৰি বাগৰি, মনেপতা ঈৰ্ষাভাবত জলি-পুৰি মৰি এই বুলি বিনাবলৈ ধৰিলে,-“হায়, আজি মথুৰাবাসিনীসকলৰ সুপ্ৰভাতৰ আগন্তুক মিলিছে। আজি সিবিলাকৰ ভাগ্য সুপ্ৰসন্ন, আজি সিবিলাকৰ মনৰ সকলো বাসনা পূৰ্ণ হব। অহ, শ্ৰীকৃষ্ণ গৈ যেতিয়া সিবিলাকৰ নগৰত প্ৰৱেশ কৰিবগৈ, তেতিয়া প্ৰেমবীক্ষণত বিকসিত মধুৰ হাঁহিভৰা তেওঁৰ মুখকমল চাই চাই সিবিলাকে কিযে অনুপম সুখ অনুভৱ কৰিব। মথুৰাবাসিনীগণৰ মনোমোহ মধুৰ আলাপন শ্ৰীকৃষ্ণই যেতিয়া যোগ দিবগৈ, যেতিয়া সিবিলাকৰ লাজুকীয়া হাঁহিয়ে তেওঁৰ মন টানি নিব, যেতিয়া তেওঁৰ পিতৃবৎসলাদি ধীৰভাব ক্ৰমাৎ

  • আমদ্ভাগত দশম স্কন্ধ, ৩৯ অধ্যা। বিষ্ণুপণ আৰু হৰিবংশতো

এই সংসৰ্গত ব্ৰজ-গোপিনীসকলৰ পৱিত্ৰ বৃষ্ণপ্ৰেম। মৰ্মস্পৰ্শী বৰ্ণনা দিয়া হৈছে। বিষ্ণুপুৰাণত একে-আষাবে গোপিনীসকলৰ নিজমুখে এই কম নিল পুণ্য প্ৰেম এইবুলি ব্যক্ত কৰোৰা হৈছে, “কব নোৱাবো, কিয়নো যশোদানন্দন শ্ৰীকৃষ্ণ ইমান ভাল পাইক।”