১৮৭ বৃন্দাবন-বিদায়। গতিক বিষম দেখি, সঙ্কেতত শ্ৰীকৃষ্ণৰ অনুমতি লৈ ৰথ চলাই দিবলৈ সাৰথিক আদেশ দিলে। সেই আদেশ পালনলৈ সাৰথিক সষ্টম হোৱা দেখি, গোপিনীসকৰ কিছুমানে উৰি যোৱাদি গৈ ৰথ আগচি ধৰিলেগৈ, কেইগৰাকীমান ৰথৰ চকৰিত ওলমি পৰিলগৈ। অকুৰ অবাক! ৰামকৃষ্ণ বিবুদ্ধি! নন্দৰাজৰ আদেশ-উপদেশে নৰজে! আন কি, সেই সময়ৰ অৱস্থা বুজি ব্যৱস্থা কৰিবলৈ শ্ৰীকৃষ্ণৰ উপস্থিত বুদ্ধিয়েও হাৰ মানিলে। শেহান্তৰত নিৰুপায় হৈ বলেৰে ৰথ চলাই নিবলৈ গোপৰাজ নন্দই টান মুখীয়াকৈ আদেশ দিলে। সেই আদেশ শিবোধাৰ্য্য কৰি সাৰথিয়ে,অগত্যা ৰথ চল'ই দিলে। কিন্তু, সিও গুণ ধৰাব নোৱাৰিলে—আন কিছুমান গোপিনী লৰি গৈ আগ হৈ দীঘল দি দি পৰি পথ অৱৰুদ্ধ কৰিলেগৈ! এইবাৰ একেবাৰে অন্য উপায় নোহাৱা হল,চকুলো টুকি টুকি শ্ৰীকৃষ্ণই অগত্যা ৰথৰপৰা নামি আহি গোপিনী সকলক মাটিৰপৰা আথে-বেথে দাঙ্গি ধৰিলেগৈ। সেই অৱসৰতে পিচ পৰি বোৱা গোপিনীদলেও উধাতু খাই আগ বাঢ়ি গৈ শ্ৰীকৃষ্ণক আবৰি ধৰিলেগৈ। আৰু, সেই ছেগতে অজুক হাতে পাই গোপিনী সকলে অজস্ৰ ককৰ্থনা কৰিবলৈ ধৰিলে। সমবেত গোপিনীবৰ্গে মুখে-মুখে অকুৰত এইবুলি দোষাৰোপ কৰিবলৈ ধৰিলে, “এই অকুৰ-অসুৰেই আমাৰ শনি হলহি! এই শনিয়েই আমাক ছিদ্ৰ চাই ছলিলে হি! এওঁক ব্ৰজৰ গোগ্নিীয়ে কি দায় লগাইছিল কিতা আমিচোন কেৱে চৰাইটি হৈও চাউলটি খুটি খোৱা নাই এওঁৰ! এওঁ কাৰ চক্ৰান্তত আজি বৃন্দাবনৰ গোপিনীক অনাথ কৰিবলৈ আহিছে। কি উদ্দেশে এওঁ আমাৰ প্ৰাণ-হৰি হৰি নি গোপিনীৰ বধ-বাৰি লবলৈ বৃন্দাবনত সোমাইছেহি। ধৰাহঁক, পাচত যি হয় সেয়ে হব, আমি অকুৰেসৈতে আমাৰ প্ৰাণকৃষ্ণক ধৰি ৰাখোঁহঁক।” এইবুলি উদ্বাউলী
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১৬
অৱয়ব