১৮৬ অভাৱে ব্ৰজবাসীৰ নো কি বিপত্তি ঘটিব, কৃষ্ণ-শূন্য বৃন্দাবন নো কেনেকৈ মৰিশালি যেন হব ইত্যাদি বিষয়ে বিননিত মৰ্মস্পৰ্শী বৰ্ণনা কৰিবলৈ ধৰিলে। তাৰ পাচত, আকৌ নিদাৰুণ বিধাতাক স্মৰণ কৰি, তেওঁকে সৰ্ব্বজঞ্জালৰ মূল কাৰণ ভাবি, এই বুলি গৰিহনা দিবলৈ ধৰিলে, হে বিধাতা! অকুৰ নাম লৈ মহা কুমতি তুমিয়েই এই উৎপাত ঘটাবলৈ ধৰিছ; যি চকুৰে চাই আমি মৌচাক যেন শ্ৰীকৃষ্ণৰ অঙ্গ-প্ৰতঙ্গাদিত তোমাৰ বিচিত্ৰ সৃষ্টিৰ বিতোপন কৌশল দেখা পাওঁ, আজি আমাৰ চকুৰ আগৰপৰা তোমাৰ দত্ত সেই মনোমোহা ৰূপ আকৌ তুমি নিজে অপহৰণ কৰি আমাৰ বধবাৰি ঘটাই নাৰীহতা পাপৰ ভাগী হবলৈ ওলাইছাহি (১)।” এই দৰে বিধাতাক নিন্দা কৰি ভাগৰি গোপিনীবৰ্গে এইবাৰ কৃষ্ণ-নিন্দাত ধৰি, এই বুলি আক্ষেপ কৰিবলৈ ধৰিলে, “হয়, আমাৰ কি দুৰ্ভাগ্য, প্ৰাণপ্ৰতিম শ্ৰীকৃষ্ণও যে নিকৰুণ! নন্দনন্দন শ্ৰীকৃষ্ণ ফাঁকিয়াল, ভঙ্গপ্ৰেমিক; তেওঁ নিতৌ নতুন বিচাৰে; নহলে নো যি তেওঁক লাগি নিজৰ ঘৰ-দুৱাৰ, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, পতি-পুত আদিকো পাহৰি তেওঁলৈ সতত ধাউতি ৰাখিছে, এতিয়া সেই কৃষ্ণ- অনুৰাগিনী গোপিণীবৰ্গলৈ তেওঁ উলটি নোচোৱা হয়নে (২)”! গোপিনীসকল ৰথৰ ফালে উত্ৰাৱল হৈ আগ বাঢ়িল। অকুৰে (১) “ক্ৰম ৰ সমাখ্যায় স্ম নশ্চক্ষুহিঁ দত্তং হবসে বতাতেবৎ। যেনৈকদেশেহখিলসৰ্গসৌষ্ঠবং ত্বদীয়মদ্ৰাহ্ম বয়ং মধুদ্ধিষঃ।” শ্ৰীমদ্ভাগবত, দশম স্কন্ধ, ৩৯ আধ্যা, ১৯ শ্লোক। (২) “ নমুনুঃ ক্ষণভঙ্গসৌহৃদঃ সমীক্ষতে নঃ স্বকৃতাতুবা বত। বিহাৰ গেহন্ স্বজনা সুতান্ পতীংস্তদ্দামদ্ধেপগতা নবপ্ৰিয়। শ্ৰীমদ্ভাগত, দশম স্কন্ধ, ৩৯ আধ্যা, ২০ শ্লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১৫
অৱয়ব