১৮৪ দিবলৈ গৈ শ্ৰীকৃষ্ণ আজি বাস্তৱতে অবাক! শ্যাম-শেখবৰ হিয়াখাল বুকুৰ ওপৰে বৈ যোৱা দুটি ৰুপালি জুৰিৰ দৰে কৃষ্ণবক্ষৰ ওপৰে কৈ যোৱা নয়ৰৰ পানী যেন দুধাৰি চকুলোৱে মাথোন হৃদয়ৰ মৰ্ম্মভেদী ভাব ব্যক্ত কৰিছে। ভাবত নিমগ্ন নিমাত বলোৰামৰ যে মাতেই নাই, তেওঁ কৃষ্ণব গাৰ। লৰাদি লৰি ফুৰিছে মাথোন, কথাৰে বা ভঙ্গীৰে কাকে একো কব পৰা নাই। গৰখীয়াৰজা বনমালীৰ আগন্তুক বিচ্ছেদ মৰ্মস্পৰ্শী উতলাভাবে সেই গৰখীয়া লৰা আৰু গোপিনী ছোৱালীবৃন্দৰ অন্তৰত কি যে উগুল-থুগুল লগাইছিল, তাক ফুটাবলৈ কথাৰ অভাৱ (১)! সি অনুভবৰ হে ভিতৰ। এনেতে দুয়ো পক্ষৰ এনে বিমোৰ অৱস্থাত অকুৰে ছেগ চাই নিলগৰপৰা ভুমুকি মাৰি গ'-দেখা দিয়া মাত্ৰকে বাম-কৃষ্ণ আৰু গৰখীয়া লৰা-ছোৱালীবিলাকৰ মাজত চাতকৰে হিয়ালা বিচ্ছেদ ঘটিল। গৰখীয়া লৰ-ছোৱালীৰ মোহ-বান্ধনীৰপৰা এৰাই আহি ৰামকৃষ্ণ আকৌ এক মায়াজালত পৰিলহি;-গগাপিনীবৰ্গে চাৰিওফালৰপৰা সমবেত যাত্ৰীবৰ্গক মেৰাই ধৰি কৃষ্ণৰ প্ৰতীক্ষাত উদ্বাউল দি আছেহি! অকুৰে দেখি বিবুদ্ধি হৈ নিষ্কৃতিৰ উপায় চিন্তিবলৈ ধৰিলে। ভাবুক বলভদ্ৰও সেই ভাবত আকৌ বিভোল হৈ পৰিল। এনেতে, কিবা কৌশলেৰে শ্ৰীকৃষ্ণই সেই মায়াজাল ফালি এৰাই আহি ৰাম আৰু অকুৰৰ সৈতে গৈ, সাজু কৰি থোৱা ৰথত চৰিলগৈ; গোপিনী- সকলে দেখি হতাশৰ খুন্দাত বিহ্বল হৈ বিনাবলৈ ধৰিলে। আগন্তুক কৃষ্ণ-বিৰহৰ সন্তাপে গোপিনীবৰ্গৰ হৃদয় এনে তীব্ৰভাৱে ব্যথিত কৰিবলৈ ধৰিলে যে, সিবিলাকৰ মুখৰ কান্তি মলিন হৈ (১) জীমদ্ভাগৱত, দশম স্কন্ধ, ৩৯ আখ্যা, ১২ শ্লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১৩
অৱয়ব