১৮৩ বৃন্দাবনবিদায়। সুসজ্জিত হৈ গোপ-বাহনত চৰি নন্দৰাজ স্বয়ং উপস্থিত হলহি। এই- দৰে ইফালৰ সকলোবিলাক আহি সমবেত হোৱা দেখি, সদৌশেহত অৰৰ আদেশানুসাৰে সাৰথিয়ে ৰাজকীয় ৰথ আনি বাটচৰাত সাজু কৰিলেহি। সকলো আহিল, সকলো চাপিলহি, সকলো যোষা হৈ উঠিল, -কেৱল ৰামকৃষ্ণ আহি ৰথত চৰিলেহিই মথুৰাৰ খোজ লব পৰা যায়। শুভযাত্ৰাৰ নিমিত্তে সকলো যুগুত হৈ উঠিল, মাথোন ৰাম-কৃষ্ণ নাই। নন্দ আৰু অকুৰ প্ৰমুখ্যে যাত্ৰীবৰ্গ ৰাম-কৃষ্ণৰ প্ৰতীক্ষাত ৰৈ আছে, কিন্তু ৰামকৃষ্ণ পোৱাহি নাই। যাত্ৰীবৰ্গে, বিশেষকৈ অকুৰে উদ্বিগ্ন হৈ বাট চাইছে, কিন্তু ৰামকৃষ্ণ নোলায়হি!—লায়হি কেনেকৈ, ৰাম-কৃষ্ণ যে লগৰীয়া গৰখীয়াবৃন্দৰ মাজত বিমোৰ, বিভোল। ৰাম-কৃষ্ণই প্ৰাণবন্ধু গৰখীয়াবৃন্দৰ প্ৰত্যেকটিকে ডিজিত ধৰি ধৰি চুমা দিয়েই অন্ত পেলাব পৰা নাই! যাত্ৰীৰ লগত যোগ দিয়েহি কেনেকৈ! প্ৰত্যেকটি ওচৰত বিদায় লৈছ, কিন্তু কাৰো আগত এই শেষ মুহুৰ্ত্ততো যাওঁ” বুলিবলৈ ৰাম-কৃষ্ণৰ সত যোৱা নাই; “আমি আহোঁগৈ দেই”, দুইৰে। মুখত বিদায়-মাগনি ইমানেই হে। ৰামকৃষ্ণ-অনুৰাগী গৰখীয়াবৃন্দৰ উলটি সেই দশাই, সিবিলাকৰ কেঁৱে যোৱ। বা ‘আহিবগৈ বুলিব- লৈকো মাত ফুটাব পৰা নাই, সিবিলাকৰ প্ৰত্যেকৰে সাদৰী সমিধান মাথোন দুধাৰি চকুলো! নিচেই সৰু সৰু লৰা-ছোৱালীবিলাকে মাথোন নাযাবা নেৰিবা বুলি ৰাম-কৃষ্ণক সাবটি ধৰি ধৰি কান্দিবলৈ ধৰিছে! সেই অমায়িক অবুজন লৰা-ছোৱালীৰন্দক বুজোৱা ইমান টান হৈ উঠিছে যে, তাৰ নিমিত্তে এতিমান শ্ৰীকৃষ্ণৰৰ মতিভ্ৰম ঘটিছে, তেওঁৰ মুখত কথাৰ সাগৰ শুকাই তৰ পৰিছে! সেই অজল সৰল গৰখীয়া লৰা আৰু গোপিনী ছোৱালীবিলাকক মুখেৰে বিদায়-বুজনি
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১২
অৱয়ব