পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮। আধ্যা। প্ৰখম ছেদ' বৃন্দাবন-বিদায়। মথুৰা-যাত্ৰাৰ সময় চাপি হাত পালেহি। হাবিয়লীয়া জাতিবিলাকৰ শকত-আৱত বলী যুঁজাৰু মানুহ ভাগে ভাগে জুমজুম্কৈ আহি নন্দালয়ত যাত্ৰাৰ নিমিত্তে সাজু হলহি। গোপসকলৰ ভিতৰৰ চৰ, কৌশলী, বুদ্ধিমান, বলবান, বিজ্ঞ, অভিজ্ঞ এনেবিলাক বাচকবনীয়। লোক যাত্ৰী হৈ উপস্থিত হলহি। নন্দৰাজৰ আদেশ আৰু উপদেশ অনুযায়ী ৰাজ-উপহাৰৰ অৰ্থে দৈ, বিউ, নবনী, মাখন, আলু, কচু, আম, কঁঠাল, লেটেকু, পনীয়াল, কল, কুঁহিয়াৰ আদি বিবিধ সুখাদ্য সামগ্ৰী ভাৰীবিলাকে ভাৰে আৰে আনি আগে আগে থৈ লালী পাতিলেহি (১)। গৰখীয়া সৈনিকদলৰৰ ৰাম-কৃষ্ণৰ বাছনিত উঠা- বিলাকে সাজু হৈ যোগ দিলেহি। তাৰ পাচত, ৰাজযোগ্য সাজেৰে (১) হবিবংশ, বিষ্ণুপুৰাণ আৰু শ্ৰীমদ্ভাগৱত মতে, গোপবাজ নন্দই অকুৰব মুখে কংস ৰজাৰ কৃষ্ণবধ ষড়যন্ত্ৰ বিষয়ে সবিশেষ সম্ভেদ পাই, তেওঁ বাহিক আড়ম্ববেৰে জ-নিমন্ত্ৰণ পালন কৰিবলৈ ওলাইছিল। সেই কাৰণে, সেই উদ্দেশে বৃন্দাবনৰ গোপ-উপনিবেশৰ বিশেষত্ব ৰাখি মথ-যাত্ৰালৈ লগত বাজযোগ্য উপহাবাদি যুগুত কৰি লৈছিল। যেনে,-“গোপাস্তমম্বসস্ত নাদঃ শকটৈন্ততঃ। আদয়োপায়ণং ভুবি কুস্তান্ গৌৰসসস্তৃতাম্।” শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৩৯ আধ্যা, ৩১ শ্লোক। (ক) হবিবংশ, বিষ্ণুপৰ্ব ৮২ আধ্যা।