১৮১ মথুৰ আগমনৰ আয়োজন। চিন্তা এৰিব নোৱাৰাত, বহুপৰ বলেৰে নিটাল মাৰি থাকিও টোপনি আনিব নোৱাৰিলে। শেহান্তৰত অগত্যা তেওঁ শ্যা এৰি আহি নদ- বাজৰ কাষ চাপিলহি। নন্দৰাজৰৰ মনৰ অৱস্থা তথৈবচ। তথাপি, তেওঁ যেনিবা ইতিমধ্যতে মথুৰাযাত্ৰাৰ আয়োজনৰ অৰ্থে বাহিৰত ফুৰি- চাকি অহাত তেওঁৰ মনৰ ভিতৰুৱা ভাব অলপ পাতল হৈ আছিল। যি হওক, তাৰ পাচত নন্দ-অৰৰ কথোপকথন আৰম্ভ হল। সেই ছেগতে মথুৰাযাত্ৰাৰ আয়োজনৰ বিষয়ে, লগত যাবলগীয়া সৈনিকবলৰ ব্যৱস্থাৰ বিষয়ে নন্দই অকুৰৰ আগত পৰিপাটিকৈ জ্ঞাপন কৰিলে। আদ্যোপান্ত শুনি অক্ৰুৰ সেই বিষয়ত নিশ্চিন্ত হল। তাৰ পাচত, মথুৰাত গৈ পোনেই কি কি কৰিবগৈ, আৰু কংসৰাজৰ আগত তেওঁ কি ভাৱে সিবিলাকৰ আগমনৰ বাৰ্তা জনাবগৈ, আৰু তাৰপৰা ধৰ্যজ্ঞৰ কাৰ্য আৰম্ভ হোৱালৈকে এই সময়ৰ ভিতৰত কেনে সতৰ্কভাৱে ৰাম-কৃষ্ণৰ গা-চোৱা ব্যৱস্থা কৰিব লাগিব, ইত্যাদি বিষয়ে দুয়োজন মতিমান পুৰুষে ভালেমান পৰ পৰিপাটিকৈ আলোচনা কৰি দুয়ে নিশ্চিন্ত হল। তাৰ পাচত, মনৰ উগুল-থুগুল ভাব মাৰ নিয়াই দুয়া শান্তিৰে সৈতে শয্যাত পৰি নিদ্ৰাদেবীৰ কোলাত লাকা দি আপোন- পাহৰা হলগৈ।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১০
অৱয়ব