পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। Sbo ওলাইছে! মাকৰ ইত্যাদি মৰ্মস্পৰ্শী বুজনি-বাণী শুনি শুনি ৰামকৃষ্ণ বিমোৰ হল, ভালেখিনি পৰ দুয়ো নিটাল মাৰিল। তাৰ পাচত, অতি নম্ৰভাৱে আৰু অতি কৰুণবাণীৰে কৃষ্ণই মাহীমাকৰ প্ৰশ্ন কাটি ধীৰে ধীৰে এইবুলি সমিচাৰ দিলে, “মাতৃ, মনৰপৰা সকলো অপায়- অমৰ আশঙ্কা বাজ কৰা, সেই আশঙ্কাৰ অইন মাৰিবলৈ হে আমি মথুৰালৈ ওলাইছোঁ। আমাৰ বল-শক্তিৰ ওপৰত যদি অলপো বিশ্বাস বহিছে, তেন্তে আই, নিচিন্তে থাকিবা, কংসকো মাৰিম, বংশকে। তাৰিম, আমি ৰামে-কানায়ে (১)। অকস্মাৎ কোনো আগন্তুক আপদত পৰিলেও আমাৰ সহায়ৰ নিমিত্তে পিতাদেৱ নৰাজে ভাল উপায়-যুগুতি কৰিছে। তেওঁৰ গুপুত আয়োজনমতে আমাৰ বছ বছা গোপসকল আৰু আশ-পাশে থকা বৃন্দাবন-বনবাসী জাতিবিলাকৰ বাচকবনীয়া বণী আৰু যুঁজাৰু মানুহ আমাৰ লগত যাবলৈ ভালেমান সাজু হৈছে। সিবিলাকৰ লগতে আমাৰ গৰখীয়া সেনাদলো লগ- গাবৰ দিহা কৰোগৈ, যাও। মাতৃ, হৰিষচিতেৰে বিদায় দিয়া।” এইবুলি ৰামকৃষ্ণ বেগাবেগিকৈ ওলাই গল। ৰাম-কৃষ্ণই এৰি বোৱাৰ পাচত, অকুৰে শয্যাত পৰি ভালেমানপৰ আকাশ-পাতাল ভাবি ভাবি টোপনি যাবলৈ চেষ্টা কৰিলে, কিন্তু নিদ্ৰাদেবী সেই ৰাতিৰ আগভাগত অকুৰৰ প্ৰতি নিকৰুণ হল, তেওঁ ইচ্ছা কৰিও (১) গোপিনীকীৰ্ত্তনত আজিকোপতি এই নামফাকিৰ সুৰ লগা আছে। দেৱকীৰ গৰ্ভাধানৰ ক্ষণত হেনো শ্ৰীকৃষ্ণই তেওঁত এই বুলি নিবেদিছিল, “দৈৱকী আই, গত দিয়া ঠাই।” দৈৱকীয়ে সমিধান দিলে বোল, “সাত গো জন্মালো, কংসে নিলে মাৰি, আছে। মই আঠু-হাত পবি!” সেই সমিধান পাই শ্ৰীকৃষ্ণই ঘূৰি এই সমিচাব দিয়ে, “কংসকো মাৰিম, বংশকো তাৰিম, আমি ৰামকানায়ে।” কল্পনাৰ পাখি-লগা যদিও, কথাফাকিব অতিগুবি আছে।