PLEASE HANDLE THE BOOK CAREFULLT. ১৭৯ মথুৰ আগমনৰ আয়োজন। যিমানেই হওক, কৃত্ৰিমালি বেগতে ধৰা পৰে। যশোদাৰ দৰেই। খোহিণীয়েও কৃষ্ণৰ সাদৰি আচৰণত অতিচাৰৰ লক্ষণ লক্ষ্য কৰি মনে মনে চিন্তাযুত হৈ পুতেকলৈ সন্দিহান চকুৰে চাবলৈ ধৰিলে। যি হওক, তাৰ পাচত এটা ছেগত কৃষ্ণই তেওঁৰ মনৰ ভাব মাহীমাক ৰোহিণী দেবীৰ আগত কথাৰে কৈ পেলালে। সেই কথা শুন! মাত্ৰকে ৰোহিণী দেবীয়ে আপদসূচক এটা চিয়ৰ মাৰি মাটিত লুটি খাই পৰিল। সেইখিনি পৰতে গহীন গতিৰে ধীৰ-স্থিৰ-শান্ত প্ৰকৃতিৰ বলৰামে ভিতৰ সোমাইছিলগৈ মাথোন। পিচে, কৃষ্ণ-চিকিৎসাৰ গুণত সংজ্ঞা লাভ কৰাত, বলমে মাকক আওজাই ধৰিলে, অৰু কৃষ্ণই বিবিধ বুজনিৰে বুজাবলৈ ধৰিৱে। কিন্তু, ৰোহিণী দেবীয় শুনে আৰু ৰাম-কৃষ্ণৰ ডিঙ্গিত ধৰি ধৰি কান্দে, তেওঁৰ মনে একোকে বুজনি নামানে। এনে কি, যশোদা ৰাণীতকৈও এওঁক বুজাবলৈ হে টান হল। কিয়নো, ৰোহিণীয়ে নিজে ভুগিছিল, আৰু কংসৰ উৎপাত তেওঁ নিজ চকুৰে দেখি গৈছিল। ইমান দিনে তেওঁ আচল কথা কাৰ আগত কোৱা নাছিল; কিন্তু আজি আসন্নবেলাত পুতেকহঁতৰ আগত আদ্যোপান্ত ভাঙ্গি নকৈ নোৱাৰিলে। তেওঁ উচুপি উচুপি পূৰ্বৰ মথুৰা-কাহিনী বৰ্ণাই ভয়বিহ্বল হৈ আকৌ কান্দিবলৈ ধৰিলে। কান্দি কালি তেওঁ ৰাম-কৃষ্ণক উলটি বুজাবলৈ ধৰিলে যে, যি কংসৰ ভয়ত তেওঁ অতকাল নন্দালয়ত গুপ্তবাস কৰি জীৱনযাপন কৰিছেহি, আজি সেই কংসৰ কোপাঘ্নিত ৰাম-কৃষ্ণই উচি গৈ জাপ দিবলৈ কিয় ওলাইছে? আৰু তাকে কৰি সিবিলাকে অভাগিনী মাকহঁতৰ কিয় বধবাৰি লবলৈ ওলাইছে! সিবিলাকে সেইদৰে উপচি গৈ কংস-যমৰ হাতত আত্মবলি পৰি দুৰ্ভগীয়া পিতৃ বসুদেৱ আৰু হত- ভগিনী মাত দৈৱকীৰ চৈধ্য বছৰীয়া কষ্টব্ৰত কিয় বিফল কৰিবলৈ
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২০৮
অৱয়ব