শ্ৰীকৃষ্ণ। ১৭৮ মাজত বিস্তৰ কলা-কটা আৰু বুজনি বাক্যৰ কটাকটি চলৰ পাচত, মাক এফেৰি শান্ত হোৱা দেখি কৃষ্ণই এই শেষ কথা একেষাৰ কৈ লৰা: লৰিকৈ আনফালে ওলাই গল,-“মোৰ আইয়ে বেজাৰ কৰিব নালাগে, মই আকৌ উলটি আহিমগৈ। মথুৰাত কংস ৰজাৰ ধনুৰ্যজ্ঞ উৎসৱত হোৱা ৰং-ধেমালি চাই মই আমাৰ বৃন্দাবনলৈ উলটি আহিমগৈ। এতিয়া আমি এৰাব নোৱাৰাত পৰি হে যাবলৈ ওলাইছো। কিয়নো, ৰাজ-আজ্ঞা অৱজ্ঞা কৰিব নাপায়, কৰিলে জগৰ লাগিব আৰু পাপ হব; তাতে আকৌ ই নিমন্ত্ৰণ। ৰাজ-নিমন্ত্ৰণ পোৱা আৰু ৰাজদৰ্শন লাভ হোৱা কম ভাগ্যৰ কথা নহয়। আমি পিতাদেৱৰ লগত হে যাম, এতেকে কি ভয় আছে? আই, তুমি নাকান্দিবা। তুমি কান্দিলে মোৰো কান্দোন আহে। আমাৰ লগৰীয়া গৰখীয়াবিলাকৰ কোনো কোনো যাবলৈ ওলাইছে। মই বাৰু এতিয়া যাওঁচোন, কোন কোন যায় সোধোগৈ।” এই বুলি কৃষ্ণ বেগাবেগিকৈ ওলাই গল; যশোদাই দীঘলকৈ হুমুনিয়াহ এটি পেলাই ওলাই আহি পিচফালৰপৰা পুতেক যোৱাৰ ফালে চাই চাই চায়ে থাকিল। যশোদাক দুনাই বাউলী হবলৈ ছেগ নিদিবৰ বুদ্ধিৰেই কৃষ্ণ ব্যস্তভাৱে ততাতৈয়াকৈ আনফালে ওলাই গল। তেওঁ তাৰপৰা গৈয়ে মাহীমাক (১) ৰোহিণী দেবীৰ কাষ চাপিলগৈ। যশোদাক ভুলাবলৈ ভাও ধৰাৰ দৰেই কৃষ্ণই আথে-বেথে মৰম লগাই লৰা-ধেমলীয়া কথা- বাৰ্তা পাতি মাহীমাকৰ মনত ৰং লগাবলৈ চেষ্টা কৰিলে। কিন্তু, (১) বোহিণী দেবী শ্ৰীকৃষ্ণৰ বৰমাক হে হয়; কিয়নো, বলবামৰ মাক বোহিণী দেবী বন্ধুদেৱৰ প্ৰথমা ভাৰ্য্যা, আৰু শ্ৰীকৃষ্ণৰ মাক দৈৱকী দেবী সৰাতকৈ সৰু ভাৰ্যা। ইয়াত মাহীমাক” মানে মাকৰ সতিনীক বুজাৰা হৈছে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২০৭
অৱয়ব