পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭। আধ্যা। ৰাম-কৃষ্ণৰ মথুৰ আগমনৰ আয়োজন। শ্ৰীকৃষ্ণই পিতা নন্দৰাজক মাস্তি কৰাই থৈয়েই মাক যশোদাৰাণীৰ কাষ চাপিলগৈ। তেওঁ ভাবি চালে যে, মথুৰাযাত্ৰাৰ সম্ভেদ কেনেবাকৈ অন্তৰপৰা পাব লাগিলে, যশোদা আগধৰি বাউলী হৈ পৰিব; তেতিয়া তেওঁক শান্ত কৰা বৰ টান হৈ উঠিব। সেই ভাবি, মতিমান শ্ৰীকৃষ্ণই পিতাকক পিচ কৰি থৈ, ততাতৈয়াকৈ আগধৰি মাকৰ ওচৰ চাপিলগৈ। যশোদাৰ ওচৰ চাপিলেই কৃষ্ণ কেঁচুৱাটি হৈ পৰে! কিন্তু, সেই দিন সেই সময়ত সেই আচৰণৰ অতিচাৰ হোৱা যেন দেখা গল। আন কি, কৃষ্ণৰ লৰালিত সততে বিমুগ্ধ যশোদায়ে। সেই অতিচাৰৰ লক্ষণ তত ধৰিব পাৰিছিল। তেওঁ পোনেই গৈয়েই মাকক ডিঙ্গিত ধৰি চুমা এটি দি, নানা ভাওটৰে তেওঁৰ মনত ৰং লগাবৰ চেষ্টা কৰিলে। তাৰ পাচত, এবাৰ ছেগ বুজি মনৰ আচল ভাব ব্যক্ত কৰি, কৃষ্ণই মথুৰা-যাত্ৰাৰ নিমিত্তে যশোদাৰ ওচৰত অনুমতি প্ৰাৰ্থনা কৰিলে। এই কথাৰ আভাস যশোদাই তাৰ আগেয়েই পাই থৈছিল। তেওঁ নন্দৰাজ আৰু অকুৰৰ ভিতৰত হোৱা কথা-বাৰ্তাৰ পৰাই তাৰ সম্ভে লৈ থৈছিল। এতিয়া কৃষ্ণৰ নিজমুখে সেই নিদাৰুণ অকুৰ-সংবাদৰ উদ্দেশ্য-ব্যাখ্যা শুনি শোকবিহ্বল হৈ সেই অৱস্থাতে যশোদা ঢাল খাই পৰি মূৰ্ছা গল! কৃষ্ণ বিমোৰ হল। তথাপি, তেওঁ বহু যত্নেৰে মাকক সংজ্ঞলাভ কৰাই তুলি বহুৱাই বিধবিধকৈ বুজনি দিবলৈ ধৰিলে। কিন্তু, একোৱেই গুণ নিদিয়ে; মাকৰ প্ৰাণে একোকে নামানে। এইদৰে শাক-পুতেকৰ