শ্ৰীকৃষ্ণ। ১৭৬ ঘাই ৰণুৱাকৈল লৈ মথুৰযাত্ৰালৈ সাজু কৰিলে। তাৰ পাচত, তেওঁ নীৰলে উপস্থিত সমস্যাৰ ওচৰ-ভবিষ্যৎ ভাবিবলৈ ধৰিলে। ভাবি ভাবি নন্দৰাজে ভাবি পালেগৈ যে, এই সমস্যাত তেওঁৰ ভাগত অশেষ অকথনীয় শোক-সন্তাপ আৰু বিহ-যন্ত্ৰণাদি সহিবলগীয়া আছে। তেওঁ ভাবি পালেগৈ যে, ৰাম-কৃষ্ণৰ এই মথুৰা-প্ৰত্যাগমনৰ পাচত আৰু বৃন্দাবন পুনৰাগমন হোৱাৰ আশা নাই; নন্দৰাজে আৰু ভাবি পালেগৈ যে, বসুদেৱে ৰামকৃষ্ণক যেনেকৈ তেওঁৰ হাতত গতাই দি গৈছিলেহি, তেওঁৰ এতিয়া তেনেকৈয়ে বৃন্দাবনৰ চকুমণি দুটি মথুৰাত বসুদেৱক শোধাই দি আহিবগৈ লাগিব। কিন্তু, তথাপিও তেওঁ বিচলিত নহল; কিয়নো তেওঁতকৈ সহস্ৰগুণে বিচলিত হব লগীয়া যশোদাপ্ৰমুখ্যে ব্ৰজৰ গোপিনীবৰ্গ আছেই এথোন। বিশেষত, মহাত্যাগীপুৰুষ গোপৰাজ নৰ সতকাই বিচলিত হোৱা লোক নহয়; তেওঁ যশোদাৰ গৰ্ত্তপ্ৰসূত আত্মসন্তানটি কৃষ্ণৰ সলনিত কংসৰ কৰাল হাতত অৰ্পণ কৰি যি মনোবলেৰে অবিচলিত হৈ আছিল, এতিয়াও সেই মনোবলেৰেই অবিচলিত হৈ থাকিল।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২০৫
অৱয়ব