পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

sejo ইমান বল কৰিব পৰা নাছিল। গতিকে, কলিপ্ৰৱেশৰ দিন লেখত লৈ কৃষ্ণজন্মকাল গণিবলৈ গলে, ১৫০০ খ্ৰীষ্টপূৰ্বাব্দতকৈও অলপ ওপৰলৈ হ উধায়। ১৫০০ খ্ৰীষ্টপূৰ্বাব্দত শ্ৰীকৃষ্ণৰ আবিৰ্ভাব ধৰিলে, সেই নিৰ্ধাৰণ পাশ্চাত্য পণ্ডিতসকলৰ গণনাফলৰপৰাও বৰ আঁতৰা আঁতৰি নহয়গৈ। পণ্ডিত কোক (Colebrooke), উইলচন (Wilson) আৰু এফিষ্টোনৰ (Elphinstone) মতে চতুৰ্দশ খ্ৰীষ্টপূৰ্বাব্দত কুৰুক্ষেত্ৰ- যুদ্ধ হয়, যি যুদ্ধত শ্ৰীকৃষ্ণ সৰ্বপ্ৰধান নায়ক আছিল; এতেকে আমাৰ নিৰ্ধাৰণৰে সৈতে সেই সিদ্ধান্ত লগালগি। পণ্ডিত উইলফোৰ্ড (wiford) চাহাবৰ অনুমানত কুৰুক্ষেত্ৰযুদ্ধ ১৪৭০ খ্ৰীষ্টপূৰ্বাব্দলৈ অলপমান নামে; তেনেহলেও তেওঁৰ নিৰ্দ্ধাৰণে আমাৰ কৃষ্ণজন্মকাল চুৱেগৈ। পণ্ডিত প্ৰাট,(Pratt) চাহাবে হে এচিপ বেচিকৈ নমাই আনি দ্বাদশ খ্ৰীষ্ট- পূৰ্বাব্দত কুৰুক্ষেত্ৰযুদ্ধৰ কাল নিৰ্ণয় কৰিছে, যদ্যপি ইয়াকো অতি বেচি ব্যৱধান বুলিব নোৱাৰি; কিযনো চাৰি-পাঁচ হাজাৰ বছৰৰ আগৰ কাল নিৰূপণত ডেৰশ বছৰৰ গড়মিল হোৱাটো ধৰ্ত্তব্য নহয়। ইয়াৰ পৰা এই সিদ্ধান্তত উপস্থিত হোৱাগৈ যায যে, শ্ৰীকৃষ্ণৰ স্থিতি সম্বন্ধে প্ৰাচ্য আৰু পাশ্চাত্য মতভেদৰ মাজত বেচি বৱধান নাই; উল্লিখিত প্ৰথম তিনিজনৰ মত ভাৰতীয় শাস্ত্ৰকাৰসকলৰ লগত মিলিছে বুলিয়েই ধৰা যায়, চতুৰ্থ জনৰ গণনা মাথোন ডেৰ শতাব্দীৰ আঁতৰ হৈ নামে। সি যি হওক, এইসকল পাশ্চাত্য পণ্ডিতৰ মতেও যে ভগবান শ্ৰীকৃষ্ণৰ আবিৰ্ভাব মহাত্মা যীশুখ্ৰষ্ট জন্মৰ ডেৰহাজাৰমান বছৰৰ আগেয়ে হৈছিল, তা স্বীকাৰ্যত বুলি ধৰা যায়। কামৰূপ বা পুৰণি অসমৰ পৌৰাণিক হিন্দু-বুৰঞ্জীমতেও শ্ৰীকৃষ্ণ স্থিতি চতুৰ্দশ আৰু পঞ্চদশ খ্ৰীষ্টপূৰ্বাৰ দোমোজাত ৰয়। সেই