পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

• কালৰ নৰকাসুৰ, ভীষ্মক আৰু বাণ ৰজাসকল শ্ৰীকৃষ্ণৰ সমসাময়িক ; সিবিলাকৰ লগত কৃষ্ণসংস্ৰৱ অপৰিহাৰ্য্যকৈ আঁটা ৰৈছে; সেই সংস্ৰৱ ছিঙ্গিবলৈ গলে, আগধৰি কামৰূপৰ সেইছােৱা হিন্দু-বুৰঞ্জী সমূলঞ্চে বাদ দিব লাগিব। কিননা, শ্ৰীকৃষ্ণৰ হাতত নৰকাসুৰ বধ আৰু তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ ভগদৱৰ অভিষেক, ভীষ্মক'ৰজাৰ জীয়াৰী ৰুক্মিণীদেবীক শ্রীকৃষ্ণই হৰণ কৰি বিয়া কৰােৱা, শশাণিতপুৰত বাণ-কৃষ্ণ বা ‘হৰহৰি যুদ্ধৰ পৰিণামত বাণ-কৃষ্ণ বা শৈৱ-বৈষ্ণৱৰ মাজত অপূৰ্ব্ব সন্ধিস্থান আৰু তাৰ মূল-ঘটনা ‘কুমাৰ-হৰণ আৰু ‘উষা-হৰণ ইত্যাদি কামৰূপীয়া বুৰঞ্জীমূলক ঘটনাৱলী কৃষ্ণবিনে টিকিব নােৱাৰ । অকল সেয়ে নহয়, শ্ৰীকৃষ্ণৰ স্থিতি চতুর্দশ-পঞ্চদশ খ্ৰীষ্ট- পূৰ্কাৰপৰা ৰালৈ গলে, ভাৰতবৰ্ষৰ বুৰঞ্জীত ভালেমান লৰচৰ ঘটিব,-বর্তমান প্রচলিত ভাৰতবুৰঞ্জীত অচিতে এটা বিপুল সংস্কাৰৰ ধবিপ্লৱ আহি পৰিব। অলমতি বিস্তৰেণ। ইতি তেও পুৰ, অম। ২১ ভাদ, ১৮৫২ শক। বিনীত, পদ্মনাথ গােহাঞি বৰুৱা।