পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ido ধৰে; সেই এটি এটি নক্ষত্ৰৰে সৈতে লগ লাগি এই সপ্তৰ্ষি মণ্ডল মনুষ্য- পৰিমাণে শত বছৰ ব্যাপি অৱস্থান কৰে। হে ৰাজন! আপোনা সময়তে সম্প্ৰতি সেই সপ্তৰ্ষিমণ্ডলে মা নক্ষত্ৰক আশ্ৰয় কৰি অৱস্থান কৰি আছে। অৰ্থাৎ, পুলহ আৰু ক্ৰতুৰ মাজত এতিয়া মঘা নক্ষত্ৰ অবস্থিত আছে, আৰু সেই মা নক্ষত্ৰৰ উপস্থিতিৰ কালৰপৰাই কলিৰ প্ৰৱেশ বুলি ধৰা যায়। যুধিষ্ঠিৰৰ স্থিতি কালত, শ্ৰীকৃষ্ণৰ প্ৰৌঢ়াৱস্থাত পৰীক্ষিতৰ জন্ম; সেই কালৰপৰা আকৌ মহানন্দৰ অভিষেকলৈকে ১১১৫ বছৰ। আনহাতে, পাশ্চাত্য গণনা মতে, খ্ৰীঃ পূঃ ৩৬১ চনত মহানন্দৰ অভিষেক হয়। এতেকে, ৩৬১+১১১৫=১৪৭৬ খ্ৰীষ্ট পূৰ্বাব্দত পৰীক্ষিতৰ জন্ম; তাৰ লগত কৃষ্ণৰ প্ৰৌঢ়াৱস্থাৰ ৭০ বছৰমান যোগ দিলেৰ পৰাও কৃষ্ণজন্মৰ কাল ১৫০০ খ্ৰীষ্টপূৰ্বাব্দ ৪৬ বছৰ ওপৰলৈ উধায়। মহাভাৰতৰ আদি-পৰ্বত কৈছে, “অন্তৰেচৈব সম্প্ৰপ্ত কলিদ্বাপ- ৰয়োৰভুৎ। সুমন্ত পঞ্চকে যুদ্ধং কুপাণ্ডৱ সেনয়ো৷” এই মতে, কলি আৰু দ্বাপৰ যুগৰ দোমোজাত কুৰুক্ষেত্ৰ হৈছিল। আন হাতে, ঠিক সেই দোমোজাতে কৃষ্ণপ্ৰয়াণৰ কাল নিণিত হৈছে। এতেকে, কলিৰ কাল এতিয়ালৈকে ১৫০০+১৯২৯=৩৪২৯ বছৰ হৈছে। কিন্তু, ভাগৱত মহাপুৰাণৰ মত তাৰপৰা অলপ লৰিছে; যেনে, শ্ৰীমদ্ভাগৱত, দ্বাদশস্কন্ধ, দ্বিতীয় আধ্যাৰ ২৭শ শ্লোকত কৈছে-“যস্মিন্ কৃষ্ণোদিবং যাতস্তশ্বিন্নেব তদাহনি। প্ৰতিপন্নং কলিযুগমিতি প্ৰাঃ পুৰাবিদ।” অৰ্থাৎ, যিদিনাই শ্ৰীকৃষ্ণ পৃথিবীৰপৰা অন্তৰ্হিত হল, সেই দিন-ধৰি কলি প্ৰৱল হৈ উঠি প্ৰজাবৰ্গক পৰাভৰ কৰিবলৈ সমৰ্থবান হৈছে; পুৰাণবিদ পণ্ডিতসকলে ইয়াকে কয়। এতেকে এই মতে, কৃষ্ণ প্ৰয়াণৰ অনতিপূৰ্বেই কলিয়ে প্ৰৱেশ কৰে, মাথোন তেতিয়া কলিয়ে