পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৪ কৌশলত তেওঁ সিমান প্রখ্যাত হৈ উঠিল । এনে কি, প্রকাশ্যে কৃষ্ণক আক্রমণ কৰা যে নিৰাপদ নহয়েই, অকলশৰীয়াকৈ কৃষ্ণক পৰাভৰ কৰাও সম্ভৱপৰ দেখা নাযায়। সেই কাৰণে হে কংস বিযেৰ আৰু বিল হৈ নিটাল মাৰি আছিল। কিন্তু, পাচলৈ দিনে-ৰাতিয়ে একেটা চিন্তাই তেওঁক অস্থিৰ কৰি তুলিলে। আন কি, টোপনিতাে সেই চিন্তাৰপৰা তেওঁ ৰক্ষা নােপােৰাত পৰিল । ইতি-অৱসৰত এদিন দেৱযি নাৰদ কংস ৰজাৰ চৰাত উপস্থিত হলহি। সেই ছেগতে নাৰদ মুনিয়ে কংসৰ আগত ভালেমান কৃষ্ণতথ্য ব্যাখ্যা কৰিলে। মুনিয়ে বুজাই কাল যে, দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তান বুলি যিটি কন্যাক কংসই দেখিছিল, প্রকৃতে সেইটি যশােদাৰ জাত সস্তান ; কৃষ্ণ হে দৈৱকীৰ প্ৰকৃত অষ্টম গৰ্ভসস্তৃত সন্তান। আৰু, য বলৰামক ৰােহিণীৰ পুত্ৰ বুলি জনা যায়, তেওঁ আচলতে দৈৱকীৰ সপ্তম গৰ্ত্তজাত পুত্র । এতিয়া এই কংসাৰি ৰামকৃষ্ণ নালয়ত প্রতি পালিত হৈছে। (১) এনে বিষম অৱস্থাত পৰিহে কংসই ৰাজসভাত পাত্র-মন্ত্ৰী আৰু পুৰােহিত আদি জ্ঞানীলােকৰে সৈতে আলচ পাতি আগন্তুক বিপদ

(১) “যশােদায়াঃ সুতাং কন্যাং দেবক্যাঃ কৃষ্ণমেবচ বামঞ্চ ৰোহিণী পৃং বসুদেবেন বিভাতা। তন্তেী অমিত্রে ননে বৈ যাভ্যাং তে পুরুষ হতা?” —শ্রীমদ্ভাগত, দশম স্কন্ধ, ৩৬ আধ্যা, ১৬ শ্লোক। অর্থ :—দৈৱকীৰ অষ্টম গৰ্ভজাত বুলি যি কন্যা তুমি দেখিছিল, তেওঁ প্ৰকৃততে যশোদাব গর্ভজাত; আৰু যশােদাব গর্ভজাত সন্তান বুলি যি কৃষ্ণনামে অভিহিত, তেওঁ হে আচলতে দৈৱকীৰ গৰ্ভসপ্ত অষ্টম সন্তান ; আৰু ৰােহিণীৰ গৰ্ভজাত পুত্র ভাবি লােকে যা বলবাম বুলি সম্বোধন কৰে, তেওঁ প্ৰকৃততে দৈৱকীৰ সপ্তম গৰ্ভজাত সন্তান। তােমাৰ ভয়ত ৰদেৱে ৰাম-কৃষ্ণক নলব ঘৰত পুলুৱাই থৈছে।