১৬৫
কংসৰ ধনুর্যজ্ঞ।
খণ্ডাবলৈ এই সহজ উপায় উদ্ভাৱন কৰিলে যে, প্রকাশ্যে নকৰি
গুপুতে, প্ৰৱঞ্চনাৰ ওপ্ৰত কৃষ্ণবধ সাধন কৰিব লাগে। সেই
উদ্দেশ্যে পুৰােহিতৰ উপদেশ আৰু মন্ত্রীবর্গৰ পৰামর্শমতে কংসৰাজে
তেওঁৰ ৰাজধানী মথুৰাত ধনুজ্ঞ পাতি ৰাম-কৃষ্ণক নজৰে সৈতে
নিমন্ত্রণ কৰি আনিবলৈ অকুৰক পঠিয়াই ইফালে যজ্ঞৰ যুগুত যাে-যা
কৰিবলৈ আজ্ঞা দিলে।
ৰজাৰ চৰাৰ সমুখতে তিনিপুৰামান মাটি জুৰি আহল-বহল
আৰু ওখকৈ যজ্ঞৰ ভেটি বন্ধোৱা হল। ভেটিৰ কেইপাশে মেৰাই
এটা ওখ গড় দিয়া হল। প্র’ৱশ-দুৱাৰ একেখন মাথােন। দুৱাৰৰ
আগতে এটা আদৰণী-বাটচৰা। বাটচৰাৰ সমূখতে মহাকাষ কুবলয়
হাতীক এনেভাৱে ৰখীয়া দিবলৈ দিহা দিয়া হল, যাতে মাউতৰ
শিকনিত সি অন্যান্য ৰাজ-জোবাদি মা'হলে শুড় তুলি নমস্কাৰ দি
সসম্ভ্রমে বাট এৰি দিব; কিন্তু বৃন্দাবনৰপৰা সদলে গােপৰাজ নৰ
আহি বাটচৰামুখ পােৱাত্রকে ৰাম-কৃষ্ণক যেন মােহাৰি মাৰি পেলায়।
তাৰ পিচৰ খাপত, প্রৱেশ- দুৱাৰমুখত দুপাশে চানুৰ আৰু মুষ্টিক নামে
দুটা দুর্জয় মানযুঁজাৰু ৰখীয়া ৰাৰি সিহঁতক এনে দিহা দিয়া হল যে,
কুবলয়ৰ গৰাহৰপৰা কেনেবাকৈ এৰাই আহি যজ্ঞগড়ৰ ভিতৰ সােমাবলৈ
আহে যদি, ততালিকে দুৱাৰমুখতে আচি চাণুৰ আৰু মুষ্টিকে কৃষ্ণ আৰু
বলৰামক ধৰি তাতে ঠেকেছি বধ কৰিব। গড়ৰ ভিতৰত জৰাসন্ধ
প্ৰমুখ্যে দ্রাবিড়, তৈলঙ্গ, কুৰু, পাঞ্চাল, কৈকেয়, শল্য, বিদেহ,
বিদর্ভ, কোশল, নিষধ প্রভৃতি ৰাজ্যৰ ৰসকলৰ নিমিত্তে যথাযােগ্য
আহিলা-পাতিৰে সৈতে ভাগে ভাগে ঠাই নির্দিষ্ট ৰাখিবলৈ দিহাকৰণ
হল। সবাৱৰে সমুখত ওখ ভেটিৰ ওপৰত পতা ৰত্নসিংহাসনত বহি
মথুৰাধিপতি কংসৰাজে যজ্ঞােৎসৱ উপলক্ষীয় ইন্দ্রধনু আৰু বিবিধ
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৯৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/93/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3.djvu/page194-963px-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3.djvu.jpg)