১৪। আধ্যা।
⸻
কংসৰ ধনুর্যজ্ঞ।
বসুদেৱৰ দুই পুত্র ৰাম আৰু কৃষ্ণ যে গােপৰাজ নৰ ঘৰত
গুপ্তভাৱে প্রতিপালিত হৈছিল, কৃষ্ণাৰি কংসই ভালেমান দিনৰ আগৰে-
পৰা সেই কথাৰ সম্ভেদ পায়। আন কি, গােকুলত থকা কালৰেপৰা
সেই সম্ভে পােৱাৰ নিদর্শন হৰিবংশ আৰু পুৰাণত পােৱা যায়।
কিন্তু, সেই কালত গােপ-ক্ষমতা সামান্য নাছিল ; গতিকে, গোেপজ
নন্দক জোকাই লৈ জঞ্জাল বঢ়াবলৈ দুৰ্বল-চিতীয়া ধৰমৰ ধৰণীহীন
ৰজাই সাহ কৰা নাছিল। তাৰ উপৰিও, তেতিয়া কেঁচুৱা কৃষ্ণৰ ভয়ে
চল ডেকা কংসক বৰ বিহ্বল কৰিব নােৱাৰিছিল। বৃন্দাবনলৈ
যােৱাৰ পাচত, যেতিয়া কৃষ্ণ-মাহাত্মৰ বিষয়ে ওপউপৰিকৈ তেওঁৰ
কাণত পৰিবলৈ ধৰিলে, তেতিয়াৰপৰা হে কংসই সেই ফালে সশঙ্কিত
দৃষ্টি পেলাবলৈ ধৰিলে। কিন্তু তেতিয়া ইচ্ছা থকাতো কংসই সেই
উদ্দেশ্যে আগ বাঢ়িবলৈ সাহ নকৰিছিল। কিয়নো, তেতিয়া বৃন্দাবনত
নাগ প্রভৃতি অনাৰ্য্য জাতিবােৰৰ সংযােগত নন্দৰ গােপ-উপনিবেশ
বৰ বলশালী হৈ উঠিছিল। তদুপৰি, মথুৰাত তেওঁৰ গৃহশত্রুও যে
কম্ নহয়, সেই বিষয়েও তেওঁ গম্ নােপােৱাকৈ থকা নাছিল।
অৱস্থাত বৃন্দাবনত কৃষ্ণক আক্রমণ কৰিলেগৈ, নাইবা আন কোনাে
প্রকাশ্য ব্যৱস্থাৰে কৃষ্ণবধৰ যুগুতি কৰিলে যে তাৰপৰা হিতে-বিপৰীত
ঘটিবৰ সম্পূর্ণ আশঙ্কা, সেই কথাও কংসই বেচকৈ বুজিছিল।
ইহাতে, কৃষ্ণ বয়সত যিমান বুজন হৈ আহিল, বল-বিক্ৰম আৰু বুদ্ধি-