পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLT. দোলন যাত্ৰা। তেও বৰ পাকৈত। যিবোৰ আনন্দ-উৎসৱে মানৰ হিয়াত সহজে শান্তি সঞ্চাৰ কৰিব পাৰে, সেইবোৰ আনন্দ-উৎসৱ পতাত তেওঁ বৰ কাজু। যি বতৰত যেনে ধৰণৰ লীলা-খেলাই নৰনাৰীৰ অন্তৰত স্বভাৱতে জিৰণি সঞ্চাৰ কৰিব পাৰে, সেই বতৰত তেনে ধৰণৰ শীলা খেলাৰ ৰীতি প্ৰচলন কৰাত তেওঁ অসাধাৰণ আৰু লোকৰঞ্জক নেতা। এইবোৰ গুণ শ্ৰীকৃষ্ণৰ স্বভাৱৰ লগৰীয়া। এইবোৰ কাৰ্য্য তেওঁৰ অসাধাৰণ প্ৰতিভাৰ চি। সেয়ে অকালত অপৰিমিতকৈ বিকাশ পোৱাৰ বাবে মাথোন তেওঁৰ ভক্ত গুণগ্ৰাহীয়ে তেওঁত অতি- প্ৰাকৃতিকতা, অলৌকিকতা আৰু ঈশ্বৰত্ব আৰোপ কৰিবলৈ সততে ব্যৰ্থ হয়। বৰ্ষাৰ পাচত শৰৎ ঋতুত বাসযাত্ৰা পাতি শ্ৰীকৃষ্ণই যি উদ্দেশ্যে নৰীৰ মনোৰঞ্জনৰ অৰ্থে এটি অভিনৱ উৎসৱৰ ৰীতি প্ৰৱৰ্তায়, সেই উদ্দেশ্যে শীতৰ পাচত বসন্ত ঋতুত দোলন-যাত্ৰা পাতি নৰ- নাৰীৰ মনোৰঞ্জনাৰ্থে তেওঁ এটি অপূৰ্ব আনন্দোৎসৱ প্ৰৱৰ্ত্তন কৰে। বাসযাত্ৰা কাতিমহীয়া শৰৎ-পূৰ্ণিমাত আৰু দোলনযাত্ৰা ফাগুনমহীয়া বসন্ত পূৰ্ণিমত প্ৰৱৰ্তন কৰা হয়। বাৰিষাৰ পৰিশ্ৰমৰ ভাগৰ গুচোৱাৰ উদ্দেশ্যে বাসযাত্ৰা, আৰু শীতৰ পৰিশ্ৰমৰ পাচত ভাগৰ পাতলোৱাৰ উদ্দেশ্যে দোলনযাত্ৰা প্ৰবৰ্তিত হয়। ধৰ্মভাবৰ লগত সম্পৰ্ক থাকিলে মানুহৰ মন যেই-সেই বিষয়ৰ ফালে সহজে ঢাল খায়; সেই কাৰণে ৰাস-যাত্ৰা আৰু দোলনযাত্ৰা দুয়োতে ধৰ্ম্ম-সম্পৰ্ক বৰ্তমান। ই শ্ৰীকৃষ্ণ অদ্ভুত কৌশলৰ নিদৰ্শন। দোলনৰ আদৰ্শ অত ওখ। জগতখনেই দোলায়মান। পৃথিবী সেই জগতৰ এটি অতি ক্ষুদ্ৰ অংশ মাথোন। সেই পৃথিবীৰ ওপৰত যি জীৱ-জন্তুৰ স্থিতি, সি ক্ষুদ্ৰাদপি ক্ষুদ্ৰ। এতেকে, সৃষ্টিখন যে