১১। আখ্যা। দোলন যাত্ৰা। শ্ৰীকৃষ্ণ ৰং-ধেমালি, আনন্দ-উৎসৱাদিৰ নিজৰাৰ নিচিনা। যি সময়ত যেনে ধৰণৰ ৰং-ধেমালিয়ে জন সমাজৰ মনত ৰং লগাই দুখ-ভাগৰ পাহৰাব পাৰে, তেনে ধৰণৰ ৰং-ধেমালি উদ্ভাৱন আৰু প্ৰৱৰ্তন কৰাত ফাগুণ
- পদ্মপুৰাণমতে পো-প্ৰথম দৌলত-সভ বা দোলন-যাত্ৰা ইন্দ্ৰদ্যুম্ন বজাই
1 এম বৃন্দাবনত পাতিছিল। এই বিষয়ত অন্যান্য পুৰাণাদি নিমাত। aৈ সম্প্ৰদায়ে এই উৎসৱ অদ্যাপি বাসোৎসৱৰ আৰ্হিৰে সততে পতা দেখা যায়; মাহত পতা হয় কাবণে, ইয়াক ফন্তুৎসৱো বোলা যায়। পিচে, এতিয়া কথা হৈছে, ইন্দ্ৰদ্যুয় কোন সময়ব লোক,-শ্ৰীকৃষ্ণব পূৰ্ববৰ্তী, নে পববৰ্তী, নে সমসাময়িক? তেও বৰ্তী যদি, এই পূজা সত্য বা দ্বাপধত বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ উদ্দেশে হোৱা নাছিল। সমসাময়িক হলেও, সেই পূজা সেই শ্ৰীকৃষ্ণৰ উদ্দেশ্যে হোৱাটা যুক্তিযুক্ত নহয়। আৰু ইন্দ্ৰদ্যুম্ন ৰজাই কৃত্ৰিম বৃন্দাবন সাজি হে তাত এই পূজা পাতিছিল। বৃন্দাবনৰ শ্ৰীকৃষ্ণ এই পূজাৰ লক্ষ্য নহয় যদি, বৃন্দাবন দৃশ্য অৱতাৰণাৰ অৱশ্যক আছিল কি? তাৰ উপৰিও এই ইন্দ্ৰদ্যুম্ন ৰজাইয়ে পুৰীত জগন্নাথ মূৰ্তি প্ৰতিষ্ঠা কৰায়। জগন্নাথ সেই তিনি মুৰ্তিত কৃষ্ণ, বলাম আৰু সুভদ্ৰাক গঢ়িছে। যদিহে বৃন্দাবনৰ শ্ৰীকৃষ্ণ নহয়, তেন্তে তাত বলৰাম আৰু সুভদ্ৰাৰ সংযোগ কেনেকৈ হয়? ইত্যাদি যুক্তি কটাকটিয়ে আমাক এই সিদ্ধান্তত তুলিছেগৈ নি যে, ইন্দ্ৰদ্যুম বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ পৰবৰ্তী বজা। শ্ৰীকৃষ্ণই বৃন্দাবনত প্ৰৱৰ্তোৱা দৌলোস, বা দোলনযাত্ৰা, বা সন্তুৎসৱ, বা ফাকুৱা-পুজা শ্ৰীকৃষ্ণ পূজাৰ্থে তেওঁৰ পৰবৰ্তী ইন্দ্ৰদ্বয় ৰজাই পে- প্ৰথমে বৃন্দাবনৰ আৰ্হি লৈ পাতিছিল; আৰু তেওঁৰ আহি লৈয়ে সেই পূজা অদ্যাপি চলিব লাগিছে। ৰাসপুজাৰ প্ৰৱৰ্তন আৰু উদ্দেশ্যৰে সৈতে এই পুজাৰ প্ৰৱৰ্ত্তন, প্ৰচলন আৰু উদেণ্ঠৰ বিশদ সাদৃশ্য আছে।