পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৭ তীৰ্থযাত্ৰা। গুণত ঈশ্বৰতুল্য পৰম পুৰুষ। এই দৰে বয়সীয়া গোপ-গোপিনী- সকলে, বিশেষকৈ কৃষ্ণ-আধিক। গোপিনীবৰ্গে মন-মুকলি কৰি কথা- বাৰ্তা পাতি থাকোতেই ৰাতি পুৱাল। অলপ পাচতে, পূব-গগণত ৰঙা বেলিয়ে উলিওৱা মাত্ৰে বলৰামৰ ৰাম-শিঙ্গা বাজি উঠিল, আৰু সকলোটি খৰধৰকৈ উঠি ওলটা-যাত্ৰাৰ নিমিত্তে সম হল।

  • বিনয়ী শ্ৰীকৃষ্ণৰ সাধুচৰিত্ৰে গোপ-উনিবেশৰ জনসমাজৰ মাজত কি ভাৱে

স্বভাবৰ প্ৰভুত্ব ফল ধৰাইছিল, গোপগোপিনীবৰ্গব এই গুপ্ত মন্তব্য তাৰ ফটফটীয়া চিন। কৃষ্ণব প্ৰতি সিবিলাকৰ কিমান মৰম-বেথা ই তাৰ চুড়ান্ত প্ৰমাণ। অদ্ভুত প্ৰতিভাশালী শ্ৰীকৃষ্ণৰ অভেদ্য কৌশলে সৰল প্ৰকৃতিৰ গোপ-গোপিনীক অলৌকিকৰপৰা লৌকিক সিদ্ধান্তলৈ যেনে মধুৰভাৱে নমাই আনিছে, তালৈ মন কবিলে, অলৌকিক নলগালেও লৌকিকতাতকৈ চৰাই কিবা এটা অভাবনীয় গুণ তেওঁত আবোপ নকৰিলে মনে নামানে।