পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৪ হাতে হেৰুৱাবলৈ ধৰা নন্দৰাজক পুনঃ লাভ কৰি, তেওঁক মাজত লৈ বেৰি বহি মেল পাতিবলৈ ধৰিলে। সিফালে ভাগৰুৱা গৰখীয়া লৰা আৰু গোপিনী-ছোৱালীবিলাকৰে সৈতে বৃন্দাবনবিহাৰী ৰাম-কৃষ্ণই ঠায়ে ঠায়ে সুচলকৈ মাটিত পৰি টোপনিৰ কোত জিৰণি ললেগৈ। সেই হেগতে সেই শেহৰাতি অম্বিকাথান প্ৰবাসী গোপ-গগাপিনীৰ মেলত কৃষ্ণচৰিতৰ বিষয়ে মুকলি মনেৰে কোৱা-মেলা হবলৈ ধৰিলে। শ্ৰীকৃষ্ণ টোপনি যোৱা ছেগত সুবিধা পাই, সকললাটিয়ে একবাক্যে এনে অতিমত প্ৰকাশ কৰে যে, কৃষ্ণ সাধাৰণ নৰ নহয়; তেওঁ নদেহী ঈশ্বৰৰ অংশ। সাময়িক অপায় খণ্ডাই সৃষ্টি ৰক্ষা কৰাৰ উদ্দেশে স্বয়ং ভগবান সৃষ্টিপালক পৰমবিষ্ণু পৃথিবীত সশৰীৰে অৱতাৰ হৈছেহি (১)। আৰু শ্ৰীকৃষ্ণৰ লীলা-খেলাৰ গতি-গোত্ৰ আৰু আৰ্হিলৈ চালে এনে ধাৰণা হয় যে, গোলোকৰ গৰাকী শ্ৰীকৃষ্ণই ৰাসেশ্বৰী শ্ৰীৰাধাৰ পূৰ্ব্বশাপ (২) মোচনাৰ্থে পৃথিবীত জন্ম লৈ গোকুল, ব্ৰজধাম, বৃন্দাবন পৱিত্ৰ কৰিছে হি। নহলে নো সেই সাংঘাতিক পুতনাৰ কৰাল আক্ৰমণৰপৰা বিনা-বেজ-জ্ঞানীৰ সহায়েৰে অদ্ভুতভাৱে কেঁচুৱা কৃষ্ণ ৰক্ষা পৰে নে? (১) শ্ৰীকৃষ্ণ যে পৃথিবীত বিষ্ণুৰ অৱতাৰ, ঈৎবব অংশ, সেই ধাৰণাৰ মুলে সেই সূতে ব্ৰবাসীৰ অন্তৰত পো-প্ৰথমে থিত, লয়। শ্ৰীকৃষ্ণৰ বাল্য-জীৱনত আলেমান অত ঘটনা আৰু অসাধাৰণ কাৰ্য্য দেখ গোকুল-জ-বৃন্দাবনৰ নৰনাৰীৰ অন্তৰত তেনেকুৱা ভক্তিভাব ওপজাও নিচেই স্বাভাবিক। সিবিলাকৰ সেই ভক্তিভাব বিকাশেই হে আজিকালিৰ বৈষ্ণবেন্দব কৃষ্ণভক্তি। ( প্ৰীমদ্ভাগবত, দশম স্কন্ধ, ৩৪ আধ্যা, ১২ শ্লোক)। (২) ব্ৰহ্মবৈবৰ্তপুৰাণ, কৃষ্ণজন্ম-খওমতে যে শঙ্খচুড়ী শ্ৰীদামক উদ্ধাৰ কৰি একই পূৰ্ব প্ৰতিতি পালন কৰে সেই বিষয়ে ওপৰত উনুকিয়াই অহা হৈছে।